/asomiyapratidin/media/media_files/2025/11/14/cm-himanta-2025-11-14-16-21-21.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰ : চিলাপথাৰ অকাজানত শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ বাবে অনুষ্ঠিত হয় বিশাল গণ সমাবেশ। চল্লিশ সহস্ৰাধিক মহিলাৰ প্ৰতিগৰাকীক ১০ হাজাৰ কৈ টকাৰ চেক বিতৰণৰ বাবে অনুষ্ঠিত হয় সমাবেশৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/14/whatsapp-im-2025-11-14-16-25-06.jpeg)
কেৱল মহিলাৰ জয়জয়কাৰৰ সূচনা কৰি আঁচনিখনৰ প্ৰথম কিস্তি হিচাপে ১০ হাজাৰ আৰু পৰবৰ্তী সময়ত ২৫ আৰু ৫০ হাজাৰকৈ ধন চৰকাৰে প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। ৰাহুল গান্ধী য'লৈকে যাব তাতে বি জে পিয়ে জয়লাভ কৰিব। ইয়াৰ জলন্ত উদাহৰণ আজি ঘোষিত নিৰ্বাচন বুলি মন্তব্য কৰে ডঃ শৰ্মাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/14/whatsapp-image-2025-11-14-16-25-19.jpeg)
বিৰোধী আছে হোটেল লিলিত আৰু আমি আছো মানুহৰ মাজত বুলি মন্তব্য কৰি বিৰোধীক চোকা সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিশাল অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে মন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু প্ৰশান্ত ফুকন, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু, বিধায়ক অমিয়া ভূঞা,BKAWC'ৰ CEM মিহিনিশ্বৰ বসুমতাৰী, SKAC ৰ CEM টংকেশ্বৰ সোণোৱালৰ লগতে বহু বিশিষ্ট ব্যক্তি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us