/asomiyapratidin/media/media_files/2025/07/09/355-2025-07-09-21-15-52.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া : অসম চৰকাৰৰ “অসম দৰ্শন” আঁচনিৰ অধীনত গুৰুজনাৰ অনবদ্য অৱদান ৰহা সমষ্টিৰ নামঘৰসমূহলৈ আগবঢ়োৱা তিনি লাখকৈ টকাৰ প্ৰথম কিস্তিৰ এক লক্ষ পঞ্চাশ হাজাৰ টকাৰ চেকসমূহ বুধবাৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসৰ নিজা বাসগৃহ ডিমৌচাৰিআলিত নামঘৰ নিৰ্মাণ সমিতিৰ সভাপতি- সম্পাদক সকলক প্ৰদান কৰা হয় ৷
উক্ত অনুষ্ঠানত বিধায়ক শশীকান্ত দাসৰ লগতে নগাঁও জিলা বিজেপিৰ উপ- সভাপতি সুবর্ণ সিং, তিৱা স্বায়ত্ব পৰিষদৰ সদস্য মোহন সেনাপতি, চাপৰমুখ গৰুবাত জিলা পৰিষদৰ সদস্যা জোনালিম ডেকাদাস, ফুলগুৰি বাৰপুজীয়া জিলা পৰিষদৰ সদস্যা ৰূপজ্যোতি বৰদলৈ, পাখিমৰিয়া- জামুগুৰি জিলা পৰিষদৰ সদস্য অৰ্ণৱ দাস, ৰহা সমষ্টিৰ চাৰিওটা মণ্ডলৰ সভাপতি সকল আৰু ভূপেন শইকীয়া, জনাৰ্দন শইকীয়া,মোহন দাসৰ লগতে দলৰ বিভিন্ন কাৰ্য্যকৰ্তাসকল উপস্থিত থাকে ৷