/asomiyapratidin/media/media_files/2025/07/16/416-2025-07-16-23-06-46.jpg)
ডিজিটেল সংবাদ,মেৰাপানী : কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত বুধবাৰে মেৰাপানীত বিকাশ বঁটাৰ অধীনত অঞ্চলটোৰ তিনিটা সমষ্টিৰ প্ৰায় ৯২ গৰাকী ছাত্ৰ-ছাত্ৰীক চেক বিতৰণ কৰা হয়। ঠেঙ্গাল কছাৰী স্বায়ত্ত্ব পৰিষদে বিগত বৰ্ষ সমূহৰ দৰে ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সু-খ্যাতিৰে উতীৰ্ণ হোৱা কৃতীমান সকলক আজি চাউদাংপথাৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জ্ঞান বিকাশ বঁটা প্ৰদান কৰা হয় ।
ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ ১৩ নং কাছমাৰী সমষ্টিৰ সদস্যা শিখামণি ঠেঙাল, ১৪ নং চাউদাং পথাৰ সমষ্টিৰ সদস্য ছায়া ঠেঙাল আৰু ১৫ নং চাউদাং-দৈয়াং সমষ্টিৰ সদস্য পদ্মেশ্বৰ বৰাই তেওঁলোকৰ নিজ নিজ এলেকাৰ ছাত্ৰ-ছাত্ৰী সকলক এই বঁটা প্ৰদান কৰে । প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীকে এটি মূল্যৱান মেহগ্নি গছৰ পুলি, চাৰ্টিফিকেট আৰু দহ হাজাৰ টকাৰ একোখনকৈ চেক প্ৰদান কৰে ।
সভাত দৈয়াং, কাছমাৰী আৰু চাউদাংপথাৰ গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত প্ৰতিনিধিসকলকো পৰিষদৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। দুশতাধিক লোক উপস্থিত থকা সভাখনত মুখ্য অতিথিৰূপে সমাজকৰ্মী পোনা বৰা, শিক্ষাবিদ নীলকান্ত বৰুৱা, প্ৰকৃতিবিদ মৃদুল বৰা, সোণোৱাল কছাৰী স্বায়ত্ত্ব পৰিষদৰ সদস্য ৰাজু সোনোৱাল আদি উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি সাৰুৱা আৰু তত্ত্বগধূৰ ভাষণেৰে শিক্ষাৰ দিশত আগুৱাই যাৱলৈ পৰামৰ্শ আগবঢ়ায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us