Advertisment

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষে মুছলপুৰত চাইকেল বিতৰণ ...

বাক্সাৰ উজিৰবাৰীৰ শ্ৰী শ্ৰী লক্ষ্মী হাইস্কুলৰ ১৪ গৰাকী ছাত্ৰীৰ মাজত বিতৰণ কৰা হয় চাইকেলসমূহ । কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ অধীনত চাইকেলসমূহ বিতৰণ কৰে ভাৰতীয় ষ্টেট বেংক অফ ইণ্ডিয়াই ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস । এই দিৱসৰ লগত সংগতি ৰাখি মুছলপুৰত কেইবাগৰাকীও ছাত্ৰীৰ মাজত বিতৰণ কৰা হয় চাইকেল ।

Advertisment

বাক্সা জিলাৰ মুছলপুৰত অৱস্থিত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ ডিজিটেল বেংকিং ইউনিটত ১৪ গৰাকীকৈ ছাত্ৰীক প্ৰদান কৰা হয় চাইকেল । এছ বি আইৰ ৰিজিঅ’ন-ফাইভৰ বৰপেটা আঞ্চলিকৰ প্ৰৱন্ধক প্ৰদীপ কুমাৰ পাল,এছ বি আইৰ শীৰ্ষ বিষয়া অংকুৰ গোহেন, মুছলপুৰ ডিজিটেল বেংকিং ইউনিটৰ প্ৰৱন্ধক অশ্বিনী কুমাৰ নাৰ্জাৰীৰ উপস্থিতিত বিতৰণ কৰা হয় চাইকেলসমূহ ।

উল্লেখযোগ্য যে বাক্সাৰ উজিৰবাৰীৰ শ্ৰী শ্ৰী লক্ষ্মী হাইস্কুলৰ ১৪ গৰাকী ছাত্ৰীৰ মাজত বিতৰণ কৰা হয় চাইকেলসমূহ । কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ অধীনত চাইকেলসমূহ বিতৰণ কৰে ভাৰতীয় ষ্টেট বেংক অফ ইণ্ডিয়াই । চাইকেল লাভ কৰি এছ বি আইক ধন্যাবদ জ্ঞাপন কৰি আনন্দ প্ৰকাশ কৰে ছাত্ৰীসকলে । 

চাইকেল বিতৰণ