মুছলপুৰত প্ৰমোদ বড়োৱে প্ৰদান কৰিলে ৫৯১ জন শিক্ষকৰ নিয়মীয়াকৰণ পত্ৰ...

অনুষ্ঠানত ৰাজ্য চৰকাৰৰ হস্ত-তাঁত বস্ত্ৰ বিভাগৰ মন্ত্ৰী উৰ্খাও গোৰা ব্ৰহ্মকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত

author-image
Asomiya Pratidin
New Update
মুছলপুৰত প্ৰমোদ বড়োৱে প্ৰদান কৰিলে ৫৯১ জন শিক্ষকৰ নিয়মীয়াকৰণ পত্ৰ...

PRAMOD BORO

ডিজিটেল সংবাদ, বাক্সাঃ দুৰ্গা পূজাৰ শুভ ক্ষণত অন্ত পৰিল বি টি চি অঞ্চলৰ ১৯৯৯ চনত নিযুক্তি প্ৰাপ্ত শিক্ষকৰ সমস্যা ৷ সমাধান হ' ল বি টি চিৰ শিক্ষা বিভাগৰ দীৰ্ঘদিনীয়া সমস্যা ৷ প্ৰমোদ বড়ো নেতৃত্বাধীন বি টি চি পৰিষদে শনিবাৰে পুনৰ ৫৯১ জন শিক্ষকক প্ৰদান কৰিলে চাকৰি নিয়মীয়াকৰণ পত্ৰ ৷

Advertisment

বাক্সা জিলাৰ মুছলপুৰত প্ৰদান কৰিলে এই নিয়মীয়াকৰণ পত্ৰ ৷ উল্লেখ্য যে ১৯৯৯ চনত অবিভক্ত নলবাৰী জিলাত এই সকল শিক্ষকে নিযুক্তি লাভেৰে নিয়মিত দৰমহা লাভ কৰি আছিল যদিও ২০০৯ চনত হাগ্ৰামা মহিলাৰীৰ নিৰ্দেশ মৰ্মে বি টি চিৰ শিক্ষা বিভাগে চাকৰিৰ পৰা অব্যাহতি দিছিল ।

কিন্তু ২০১৫ চনত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে পুনৰ প্ৰায় ১৩০০ গৰাকী শিক্ষকক চাকৰিত যোগদানৰ নিৰ্দেশ দিয়ে যদিও বৰ্তমানলৈকে প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ আছিল ।

শেহতীয়াকৈ এই শিক্ষক সকলে পুনৰ আদালতৰ কাষ চপাত ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে শিক্ষক সকলক নিয়মীয়াকৰণ পত্ৰ প্ৰদান কৰে বি টি চি পৰিষদে । প্ৰথম পৰ্যায়ত বি টি চিৰ শিক্ষা বিভাগে ৩০১ জন শিক্ষকক নিয়মীয়াকৰণ পত্ৰ প্ৰদান কৰাৰ পিচত শনিবাৰে পুনৰ ৫৯১ গৰাকী শিক্ষকক নিয়মীয়াকৰণ পত্ৰ প্ৰদান কৰে ৷

প্ৰণিধানযোগ্য যে বিশেষ অসুবিধাৰ বাবে ৯৪ গৰাকী শিক্ষকক আজি নিয়মীয়াকৰণ পত্ৰ দিব নোৱাৰিলে যদিও পৰৱৰ্তী সময়ত প্ৰদান কৰিব ৷

আনহাতে বি টি চি অঞ্চলত ২০১৫ চনত নিযুক্তি প্ৰাপ্ত ৬ মহীয়া টেট শিক্ষক সকলক নিয়মীয়াকৰণৰ বাবে শীঘ্ৰে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে বি টি চি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷

অনুষ্ঠানত ৰাজ্য চৰকাৰৰ হস্ত-তাঁত বস্ত্ৰ বিভাগৰ মন্ত্ৰী উৰ্খাও গোৰা ব্ৰহ্ম, কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, ঘনশ্যাম দাস, ৰঞ্জিত বসুমতাৰীকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল ৷

baksa btc pramod boro