ধৰ্মান্তকৰণক লৈ মেৰাপানীত দুই ফৈদৰ মাজত তীব্ৰ বাদ-বিবাদ...

খ্ৰীষ্টিয়ান মিছনেৰীয়ে সৰ্বসাধাৰণ লোকৰ মাজত প্ৰলোভনেৰে ধৰ্মান্তৰিত জাল পেলোৱাৰ অভিযোগ তুলি দুটা ফৈদত বিভক্ত হৈছে মেৰাপানীৰ বেনেডিক পথাৰ নামৰ গাঁওখনৰ ৰাইজ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,মেৰাপানীঃ ধৰ্মান্তকৰণৰ অভিযোগক কেন্দ্ৰ কৰি তীব্ৰ বাদ-বিবাদৰ সৃষ্টি হৈছে মেৰাপানী সীমান্তৰ এখন ভিতৰুৱা গাঁৱত। খ্ৰীষ্টিয়ান মিছনেৰীয়ে সৰ্বসাধাৰণ লোকৰ মাজত প্ৰলোভনেৰে ধৰ্মান্তৰিত জাল পেলোৱাৰ অভিযোগ তুলি দুটা ফৈদত বিভক্ত হৈছে মেৰাপানীৰ বেনেডিক পথাৰ নামৰ গাঁওখনৰ ৰাইজ।

Advertisment

অভিযোগ অনুসৰি বেনেদিক পথাৰ গাঁৱত হিন্দু ধৰ্মাৱলম্বী লোকসকলক বিভিন্ন প্ৰলোভন,  ৰোগ নিৰাময় আদিৰে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তকৰণ কৰিছে একাংশ চতুৰ মিছনেৰীয়ে। শেহতীয়াকৈ গাঁওখনৰ মানু কেৰকেটা নামৰ লোকজনৰ পৰিয়ালটোৱে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাক লৈ জাঙুৰ খাই উঠিছে গাঁওখনৰ হিন্দু সমাজ। 

গাঁওবাসীয়ে কৰা গুৰুতৰ অভিযোগ অনুসৰি মানু কেৰকেটাৰ অসুখ ভাল কৰাৰ অজুহাতত কৌশলেৰে খ্ৰীষ্টান ধৰ্মলৈ দিক্ষিত কৰে ৬ গৰাকী লোকে। ইতিমধ্যে এই সন্দৰ্ভত ৰাইজে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি পৰিয়ালটোক জবাবদিহি কৰাৰ লগতে খ্ৰীষ্টিয়ান মিছনেৰীয়ে সৰ্বসাধাৰণ লোকৰ মাজত বেমাৰ-আজাৰ ভাল কৰা, টকা-পইচাৰ প্ৰলোভনেৰে ধৰ্মান্তকৰণৰ জাল পেলোৱাত ক্ষোভ প্ৰকাশ কৰে।

মঙলবাৰে বেনেডিক পথাৰ গাঁৱৰ একাংশ ৰাইজে ধৰ্মান্তকৰণৰ লগত জড়িত ৬ জনকৈ খ্ৰীষ্টান ধৰ্মীয় লোকৰ বিৰুদ্ধে মেৰাপানী আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে। এই ঘটনাই স্থানীয় অঞ্চলটোৰ সাম্প্ৰদায়িক সম্প্ৰীতিত ব্যাঘাত জন্মোৱাৰ আশংকা প্ৰকাশ কৰিছে সচেতন মহলে।

মেৰাপানী