/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/f694ff5b-27da-46a7-b29e-5658e582fbc6/13.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ দিছপুৰ আৰক্ষীৰ জালত বেংক বিষয়া। অৱসৰপ্রাপ্ত আৰক্ষী বিষয়াৰ বেংক একাউণ্টাৰ পৰা বেংক বিষয়া গুলেনুৰ হুছেইনে ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। গুলেনুৰ হুছেইনে ভৱধৰ দত্তৰ অজ্ঞাতেই ২৬লাখ টকা ভিন্ন একাউণ্টলৈ ট্রান্সফাৰ কৰে।ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে ১৯জুনত দিছপুৰ থানাত গোচৰ ৰুজু কৰে।
উক্ত গোচৰৰ ভিত্তিতেই আৰক্ষীয়ে অভিযান চলাই গ্রেপ্তাৰ কৰে বেংক বিষয়া গুলেনুৰ হুছেইনক। জানিব পৰা মতে,বৰবাৰীৰ SBI শাখাৰ পৰিচালক আছিল গুলেনুৰ হুছেইন। বৰ্তমান হুছেইন দিছপুৰ SCAB শাখাৰ উপ প্রৱন্ধক হিচাপে কৰ্মৰত।
ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, ভুক্তভোগীৰ বেংক একাউণ্টৰ সৈতে সংযুক্ত নম্বৰ সলনি কৰিছিল অভিযুক্ত হুছেইনে। ইয়াৰোপৰি ভুক্তভোগীৰ অজ্ঞাতেই পঞ্জীয়ন কৰা হৈছিল নতুন ফোন নম্বৰ।
উল্লেখ্য যে, ত্রিদিপ কলিতা নামৰ এজন যুৱকৰ নামত আছিল ছিমকাৰ্ডখন। ত্রিদিপ কলিতাক জেৰা চলোৱাৰ পিছতেই সমগ্র তথ্য পোহৰলৈ আহে।শনিবাৰে সন্ধিয়া সাতগাঁৱৰ ছাইনহেভেন এপাৰ্টমেণ্টৰ পৰা আৰক্ষীয়ে আটক কৰে গুলেনুৰক। বৰ্তমান আৰক্ষীয়ে দিছপুৰ থানাত গুলেনুৰ হুছেইনক জেৰা অব্যাহত ৰাখিছে।
Also Read: ইমান শাস্তি দিয়াতকৈ আমাক মাৰি পেলাওক- আৰক্ষীৰ জেৰাত অতিষ্ঠ সুনীল পত্নী
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us