/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/38bbd794-4f8a-45e7-a673-ab1dde5a26e5/12.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: "জাহাঙ্গীৰ হত্যাকাণ্ডৰ হত্যাকাৰী বিচাৰি তদন্তৰ নামত বাস্তৱিকতে কৰিছে কি ? প্ৰথমে আৰক্ষী তাৰপাছত অপৰাধ অনুসন্ধান বিভাগ। তেওঁলোকে গোচৰটো কি কৰিব বিচাৰিছে ধৰিব পৰা নাই।কেৱল ঘৰৰ মানুহখিনিকে জেৰা কৰি আছে।যদি ঘৰৰ খিনিকে সন্দেহ কৰি আছে তেন্তে ঘৰৰ সকলোকে মাৰি পেলাওক।মই সেয়াই আহ্বান জনাইছো। ইমান শাস্তি দিব নাপাই।"
ঢকুৱাখনাৰ জাহাংগীৰ হুছেইন হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীৰ তদন্তৰ নামত অতিষ্ঠ হৈ এইদৰে ক্ষোভ উজাৰিছে সুনীল গগৈৰ পত্নী পুষ্পা গগৈয়ে।বিগত ৪৪ দিনীয়া তদন্তৰ অন্ততো সুনীলৰ সন্ধান আৰু জাহাঙ্গীৰৰ হত্যাকাৰীৰ একো শুংসূত্ৰ উলিয়াব পৰা নাই তদন্তকাৰী চি আই ডি য়ে। এনে সামগ্ৰিক ব্যৰ্থতাৰ মাজতে শনিবাৰে সুনীলৰ পুত্ৰ সৌৰভ গগৈ, বৰদেউতাক হেমন্ত গগৈ, ভতিজাক জয়ন্ত গগৈ আৰু সুনীলৰ শালপতিয়েক প্ৰহ্লাদ গগৈক মনোবিজ্ঞানী বিশেষজ্ঞৰ জৰিয়তে সাক্ষ্য গ্ৰহণ কৰি ফৰেঞ্চিক নমুনা সংগ্ৰহ কৰে।
অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰি সুনীলৰ পৰিয়ালৰ ৪গৰাকী ব্যক্তিৰ ঘটনাৰ সন্দৰ্ভত আৰু সুনীলৰ অৱস্থিতি সন্দৰ্ভত ভাষ্য বাণীবদ্ধ কৰে আৰু ভাষ্যৰ সত্যসত্যতা নিৰূপণ কৰি তথ্য সংগ্ৰহ কৰে দুগৰাকী হায়দৰাবাদ বিশেষজ্ঞই।লখিমপুৰ আৱৰ্ত ভৱন প্ৰাঙ্গনত শনিবাৰে দুপৰীয়াৰ পৰা নিশা ১২ বজালৈকে এই সাক্ষ্য গ্ৰহণ কৰাৰ পাছত ঘৰলৈ যাবলৈ দিয়া হয়।
দিনৰ দিনটো সাক্ষ্য গ্ৰহণৰ বাবে ৰাখি নিশা প্ৰায় ১বজাত অকলে নিৰাপত্তাহীন ভাবে ঘৰলৈ যাবলৈ এৰি দিয়ে তদন্তকাৰী দল।বিশেষজ্ঞৰ দলটোৱে সাক্ষ্য গ্ৰহণ কালত এই নিৰ্মম হত্যাকাণ্ডত সুনীল জড়িত থকা সন্দৰ্ভত প্ৰশ্ন সোধাৰ লগতে সুনীলৰ সম্ভাব্য উপস্থিতি সন্দৰ্ভত প্ৰশ্নৰ সন্মুখীন হৈছিল ৪গৰাকী নিকট আত্মীয়।ইপিনে তদন্তৰ নামত কেৱল সুনীলৰ পৰিয়ালৰ সদস্যৰ ধাৰাবাহিক সাক্ষ্য সংগ্ৰহ কৰা চি আই ডি য়ে ছিন্ন মুণ্ড উদ্ধাৰ, সুনীলৰ অৱস্থিতিৰ সম্পৰ্কত একো উৱাদিহ উলিয়াব নোৱাৰাত এই তদন্ত প্ৰক্ৰিয়াকলৈ নিৰুৎসাহিত হৈছে সুনীলৰ পৰিয়াল-পৰিজন।
যাৰ পৰিপ্ৰেক্ষিতত সুনীলৰ পৰিয়ালৰ সকলোকে মাৰি পেলোৱাৰ বাবে আৰক্ষীক আহ্বান জনাবলৈ বাধ্য হৈছে পত্নী পুষ্পা গগৈ। এনে এমহীয়া অকথ্য মানসিক নিৰ্যাতনৰ মাজতে সুনীলৰ মেধাবী পুত্ৰ কাজিৰঙা বিশ্ববিদ্যালয়ৰ ছাত্ৰ সৌৰভ গগৈৰ শৈক্ষিক ভৱিষ্যত অন্ধকাৰাচন্ন হোৱাৰ আশংকা আহি পৰিছে। সুনীলৰ মেধাবী পুত্ৰজন মানসিক ভাৱে বহু ভাগৰি পৰাৰ লগতে মানসিক চাপত ভোগা বুলি জানিবলৈ দিলে মাতৃ পুষ্পা গগৈয়ে।
Also Read: ৰাইডঙীয়াত প্ৰজন্মৰ উদ্যোগত ১৪ দিনীয়া নাট কৰ্মশালা আৰম্ভ