ঐতিহ্যমণ্ডিত পকামূৰা দিছিয়াল সত্ৰৰ ২০০ বছৰীয়া জয়ন্তী

দুশ বছৰীয়া জয়ন্তী উপলক্ষে আধ্যাত্মিক লহৰত বুৰ গৈছে সোনাই নৈ পাৰত অৱস্থিত পকামূৰা সত্ৰ। পুৱা পল্লৱ কুমাৰ মহন্তই আঁত ধৰা অনুষ্ঠানত ধৰ্মধ্বজা উত্তোলন কৰে বটদ্ৰৱা নৰোৱা সত্রৰ ডেকা সত্ৰীয়া ত্ৰিকেন্দ্ৰ দেৱ গোস্বামীয়ে

author-image
Asomiya Pratidin
New Update
jhgj

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ  বটদ্ৰৱা থানৰ দক্ষিণ পূব দিশত অৱস্থিত ঐতিহ্যমণ্ডিত পকামূৰা দিছিয়াল সত্ৰৰ ২০০ বছৰীয়া জয়ন্তী উপলক্ষে উখল-মাখল পৰিৱেশ। দুশ বছৰীয়া জয়ন্তী উপলক্ষে আধ্যাত্মিক লহৰত বুৰ গৈছে সোনাই নৈ পাৰত অৱস্থিত পকামূৰা সত্ৰ।

Advertisment

পুৱা পল্লৱ কুমাৰ মহন্তই আঁত ধৰা অনুষ্ঠানত ধৰ্মধ্বজা উত্তোলন কৰে বটদ্ৰৱা নৰোৱা সত্রৰ ডেকা সত্ৰীয়া ত্ৰিকেন্দ্ৰ দেৱ গোস্বামীয়ে। পৰৱৰ্তী সময়ত সত্ৰাধিকাৰ হেমচন্দ্ৰ মহন্তই শুভাৰম্ভ কৰা ভাগৱত যাত্ৰাত গায়ন খগেন ডেকা বায়ন, নবীন চন্দ্ৰ মেধি নামলগোৱা, নৰোৱা বালিসত্রৰ ডেকা সত্ৰীয়া ৰাজু গোস্বামীকে আদি ভকত বৈষ্ণৱ আইমাতৄ সকলে অংশ গ্ৰহণ কৰে।

খোল প্ৰসঙ্গ, নাম প্ৰসঙ্গ আদি বিভিন্ন কাৰ্যসূচীৰ মাজেৰ অনুষ্ঠিত সত্ৰখনত ভকত বৈষ্ণৱ, আইমাতৄৰ উপস্থিতিত উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। উল্লেখ্য যে, ১৮২২ খৃষ্টাব্দত পৰশুৰাম মহন্তই সোনাইপাৰত এই পকামূৰা দিছিয়াল সত্ৰখনি প্ৰতিষ্ঠা কৰিছিল।

বটদ্ৰৱা