/asomiyapratidin/media/media_files/2025/01/28/bvJpYi00TRSbaVa9KgGK.jpg)
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা
ডিজিটেল সংবাদ, গুৱাহাটী : ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ কৰ্মচাৰী সন্থা চমুকৈ নিয়াৰ এক সজাতি দলে মঙলবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক ড০ লক্ষ্মনন এচক এক সৌজন্যমূলক সাক্ষাৎ কৰি আলোচনাত মিলিত হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই সাক্ষাৎকালত এখন স্মাৰক পত্ৰ প্ৰদান কৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়।
বিশেষকৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ সমূহ বিষয়া-কৰ্মচাৰীৰ হৈ বিভিন্ন সমস্যা তথা অভাৱ-অভিযোগৰ বিষয়ে উল্লেখ কৰি আজি আলোচনা হয়। স্মাৰকপত্ৰত উল্লেখ থকা অনুসৰি, অসম চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কৰ্মচাৰীসকলক পাৰিশ্ৰমিক/দৰমহা প্ৰদান কৰা, কৰ্মচাৰীসকলক বেংকসমূহে যাতে ঋণ প্ৰদান কৰে তাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ সন্দৰ্ভত আলোচনা কৰে।
/asomiyapratidin/media/media_files/2025/01/28/M62z4dpioKQzpUWMoMfw.jpg)
উল্লেখযোগ্য যে, সভাৰ শেষত নিয়াৰ সদস্যসকলে মিছন সঞ্চালক আৰু কাৰ্যবাহী সঞ্চালক ড০ মনোজ কুমাৰ চৌধুৰীক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। আজিৰ এই সাক্ষাৎকালত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কৰ্মচাৰী সন্থাৰ সভাপতি জিন্তুমনি নাথ, কাৰ্যকৰী সভাপতি ৰাজীৱ মেধি, সহকাৰী সাধাৰণ সম্পাদক হৰেন গগৈ, উপ সভাপতি বিজিত গোস্বামী, নিশংক বৰপূজাৰী, চমিম আহমেদ, ফৰিদ আহমেদ হাজৰিকাকে ধৰি বহুকেইজন সদস্য উপস্থিত থাকে।