ডিজিটেল সংবাদ , নগাঁও : আজি নগাঁও জিলা আয়ুক্ত কাৰ্য্যলয়ৰ সভাকক্ষত চাহ বাগিচাৰ শ্ৰমিক সকলৰ আগন্তুক দূর্গা পূজাৰ উপলক্ষে পাবলগীয়া বোনাচ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ সভা জিলাখনৰ চাহবাগিছা সমূহৰ কৰ্তৃপক্ষৰ সৈতে অনুষ্ঠিত হৈ যায় । জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উদ্দেশ্য বাখ্যা কৰে অতিৰিক্ত আয়ুক্ত মনোৰমা মৰাঙে।
সভাত জিলা আয়ুক্ত গৰাকীয়ে আগন্তুক দুৰ্গা পূজাৰ উপলক্ষে শ্ৰমিক সকলক বাগান সমূহে দিবলগীয়া বোনাচৰ ঘোষণা ১৫ ছেপ্টেম্বৰৰ ভিতৰত প্ৰকাশ কৰি জিলা আয়ুক্ত কাৰ্য্যালয় তথা জিলা সহকাৰী শ্ৰম আয়ুক্ত কাৰ্য্যালয়ত জমা দিবলৈ নিৰ্দেশ দিয়ে ।
বোনাচ বিতৰণৰ সময়ত সকলো বাগান কৰ্তৃপক্ষক শান্তি শৃংখলা বজায় ৰাখিবলৈ লগতে যদি বিতৰণৰ সময়ত সুৰক্ষা কৰ্মীৰ প্ৰয়োজন অনুভৱ কৰে তেনেহলে আগতীয়াকৈ জিলা আৰক্ষী অধীক্ষকৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায় । সভাত তেখেতে চাহ বাগিচা সমূহত চলি থকা চৰকাৰী বিভিন্ন আঁচনি সমূহৰ বুজ লোৱাৰ লগতে আধাৰ কাৰ্ড আৰু গৰ্ভৱতী মহিলাৰ "প্ৰধানমন্ত্ৰী মাতৃ বন্দনা আঁচনি" ৰ অগ্ৰগতিৰ সন্দৰ্ভতো বুজ লয় ।
উক্ত সভাত চাহ বাগিচাৰ কৰ্তৃপক্ষ সকলে নিজৰ নিজৰ বাগিচাৰ বোনাচ সন্দৰ্ভত বক্তব্য আগবঢ়াই । চাহ মজদূৰ সংঘৰ প্ৰতিনিধি সকলেও এই সভাত নিজৰ বক্তব্য আগবঢ়াই । জিলা আয়ুক্তই পূজাৰ বোনাচ বিতৰণ কাৰ্যসূচী জিলাখনৰ চাহ বাগিচা সমূহত যাতে শান্তিপূৰ্ণ ভাবে অনুষ্ঠিত হয় তাৰ বাবে সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰে ।
আজিৰ সভাত আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰণৱ কলিতা, কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্ত, জিলা সহকাৰী শ্ৰম আয়ুক্ত কবিতা বৰ্মন, জিলাখনৰ চক্ৰ বিষয়া সকল, নগাঁও জিলাৰ চাহ বাগিচা সমূহৰ পৰিচালক সকল, জিলা তথ্য আৰু জনসংযোগ বিষয়া আৰু অসম চাহ মজদূৰ সংঘৰ বিষয়ববীয়া সকল উপস্থিত থাকে।