/asomiyapratidin/media/media_files/2025/05/09/VjgzGuVrLJeOMO9hIkGR.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী : অসমৰ এখন আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান আৰু স্বৰাজোত্তৰ কালৰ গুৱাহাটীৰ প্ৰথমখন মহাবিদ্যালয়, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ে ৯ মে'ত এখন আলোচনা আৰু প্ৰীতি সন্মিলনৰ আয়োজন কৰে।
ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ, চমুকৈ 'নাক'ৰ দ্বাৰা A স্তৰৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱাৰ পৰিপ্ৰেক্ষিতত মহাবিদ্যালয়খনৰ শৈক্ষিক-সামাজিক উত্তৰণত নতুন দিশৰ সন্ধান কৰিবলৈ এই অনুষ্ঠানৰ আয়োজন কৰা হয়।
/asomiyapratidin/media/media_files/2025/05/09/pPeWxlupkxpc4B3pQAem.jpg)
মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই সভাত অসমৰ শিক্ষা জগতৰ কেইবাজনো গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। সভাৰ আৰম্ভণিতে আদৰণি ভাষণ আগ বঢ়ায় মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ গুণ নিৰূপক কোষৰ সমন্বয়ক ড০ নমিতা দাসে।
অধ্যক্ষ ড০ মনোজ কুমাৰ মহন্তই মহাবিদ্যালয়খনৰ সামগ্ৰিক খতিয়ান দাঙি ধৰাৰ পিছতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননী গোপাল মহন্তই শিক্ষাৰ ক্ষেত্ৰত অহা বিভিন্ন প্ৰত্যাহ্বান গ্ৰহণ কৰি আগবাঢ়ি যাবলৈ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক আহ্বান জনায়। ড০ মহন্তই ছাত্ৰ-ছাত্ৰীসকলক সাধনা আৰু দক্ষতা বৃদ্ধিত গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়ে।
/asomiyapratidin/media/media_files/2025/05/09/KawvkoD4jrhcFzLGmWcY.jpg)
সভাত অসমৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক ড: পমী বৰুৱাৰ উপৰি ড০ বলেন্দ্ৰ কুমাৰ দাস, ড০ ফণী ডেকা, ড০ দয়ানন্দ পাঠক, ড০ ধৰ্মেন্দ্ৰ নাথ, ড০ ৰঞ্জন কলিতা, ড০ জগদীন্দ্ৰ ৰায়চৌধুৰী, ধ্ৰুৱজ্যোতি মড়ল, ড০ পৰমানন্দ ৰাজবংশী, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আদি বিশিষ্ট ব্যক্তিসকলৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাবিদসকল উপস্থিত থাকে।
/asomiyapratidin/media/media_files/2025/05/09/GmMoX2Adu2nVjhdGs99t.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us