/asomiyapratidin/media/media_files/2025/06/30/gst-30-2025-06-30-20-05-00.jpg)
ডিজিটেল সংবাদ, নগাঁও: আজি নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া তথা অসম চৰকাৰৰ বিত্ত বিভাগৰ আয়ুক্ত সচিব বীৰেন্দ্ৰ মিট্টালৰ অধ্যক্ষতাত চৰকাৰী সেৱা আৰু ইটা ভাটাসমূহত সামগ্রী আৰু কৰ সেৱাৰ (GST) ব্যৱস্থাৱলীৰ সন্দৰ্ভত ৰাজ্যিক কৰ আয়ুক্ত কাৰ্যালয়ৰ, নগাঁও (নগাঁও, মৰিগাঁও, হোজাই, ডিফু) শাখা কাৰ্যালয়ৰ বিষয়াসকলৰ লগত এখনি সভা অনুষ্ঠিত হয়।
সভাত নগাঁও, মৰিগাঁও, ডিফু আৰু হোজাই জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা আহৰণ কৰা GST কৰ সন্দৰ্ভত পৰ্য্যালোচনা কৰা হয়। আয়ুক্ত সচিবগৰাকীয়ে জিলা কেইখনৰ কৰ বিষয়াসকলক তেওঁলোকৰ নিজ নিজ জিলাকেইখনৰ সকলো চৰকাৰী বেচৰকাৰী শিক্ষা অনুষ্ঠান, প্ৰতিষ্ঠানকে আদি কৰি সকলোকে GST কৰৰ অধীনত আনিবলৈ নিৰ্দেশ প্ৰদান কৰে।
তেখেতে কয় যে, GST হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ কৰ সংস্কাৰ। GSTত বিভিন্ন কৰ অন্তৰ্ভুক্ত কৰিলে উৎপাদন আৰু উৎপাদনৰ ব্যয় হ্ৰাস আৰু লগতে দেশৰ অৰ্থনৈতিক বিকাশত সহায় কৰে। তেখেতে GST বিষয়ত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে।
নগাঁও জিলাৰ যিসমূহ ইটা ভাটাৰ বৰ্তমানলৈকে GST পঞ্জীয়ন হোৱা নাই তেওঁলোকৰ পঞ্জীয়ন এইমাহৰ ১৫ দিনৰ ভিতৰত সমাপ্ত কৰিবলৈ আয়ুক্ত সচিবগৰাকীয়ে নিৰ্দেশ প্ৰদান কৰে। তেখেতে চৰকাৰী কৰসমূহ সময়মতে পৰিশোধ কৰিবলৈ আৰু আয়কৰ ফাঁকি নিদিয়াকৈ সময় মতে টেক্স ৰিটাৰ্ন কৰিবলৈ সকলোকে আহ্বান জনায়।
আজিৰ এই পৰ্য্যালোচনা বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়া, ৰহা সম জিলাৰ সম আয়ুক্ত ফিলিছ ভি.এল.এইছ. হ্ৰংচাল, অতিৰিক্ত আয়ুক্ত ক্ৰমে- মনোৰমা মৰাং, সুদীপ নাথ, দেৱাহুতি বৰা, নগাঁও, মৰিগাঁও, হোজাই আৰু ডিফুৰ আয়কৰ কাৰ্যালয়ৰ বিষয়ববীয়াসকল, সংশ্লিষ্ট বিভাগৰ বিষয়াসকল, টেক্স কঞ্চালটেন্ট আৰু ঠিকাদাৰসকল উপস্থিত থাকে।