নগাঁৱত  শ্ৰীশ্ৰী খনিকৰ পুথি কীৰ্তন - আলোচনা সভা

নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁও বৰনামঘৰ আৰু সদৌ অসম সত্ৰ মহাসভাৰ ভগ্নী সংগঠন  আই কনকলতা মহিলা তীৰ্থৰ উদ্যোগত, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সহযোগত বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰা চাৰিদিনীয়াকৈ শ্ৰীশ্ৰী খনিকৰ পুথি কীৰ্তন ,আলোচনা সভা আৰু ভাওনা প্ৰদৰ্শন অনুষ্ঠান অনুষ্ঠিত হৈছে

author-image
Asomiya Pratidin
New Update
fhhv

ডিজিটেল সংবাদ,নগাঁও : নগাঁও চহৰৰ উত্তৰ হয়বৰগাঁও বৰনামঘৰ আৰু সদৌ অসম সত্ৰ মহাসভাৰ ভগ্নী সংগঠন  আই কনকলতা মহিলা তীৰ্থৰ উদ্যোগত, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সহযোগত বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰা চাৰিদিনীয়াকৈ শ্ৰীশ্ৰী খনিকৰ পুথি কীৰ্তন ,আলোচনা সভা আৰু ভাওনা প্ৰদৰ্শন অনুষ্ঠান অনুষ্ঠিত হৈছে। বৃহস্পতিবাৰৰ সন্ধিয়া বৰনামঘৰৰ সদস্য আৰু নগাঁও ছোৱালী মহাবিদ্যালয়ৰ এন এছ এছ গোটে স্বচ্ছতা অভিযান চলায়।

আনহাতে শুক্ৰবাৰে পুৱা ধৰ্মধ্বজা উত্তোলন কৰে বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতি ৰমেশ গোস্বামীয়ে। অনুষ্ঠানৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই।

WhatsApp Image 2025-07-25 at 7.20.52 PM

স্মৃতি তৰ্পন অনুষ্ঠান মুকলি কৰে সমাজ সেৱক চানৱাৰমল খেটাৱতে। বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ আৰু উপপৌৰপতি সীমান্ত বৰাই। দুপৰীয়া  নামচাৰ্য কুশকান্ত কাকতিয়ে নামপ্ৰসঙ্গ পৰিচালনা কৰে।

বিয়লি শ্ৰীশ্ৰী খনিকৰ পুথি আদৰণি অনুষ্ঠান অনুষ্ঠিত হয়। আদৰণি জনায় বিধায়ক ৰূপক শৰ্মাই। সন্ধিয়া বন্তি প্ৰজ্বলন কৰে সমাজসেৱক অমিতাভ বৰাই।

ইয়াৰ পিছতে নলবাৰীৰ শ্ৰীশ্ৰী বিষহৰি আঞ্চলিক নাগাৰা নামৰ দলৰ নাম পৰিবেশন অনুষ্ঠান অনুষ্ঠিত হয়। কাইলৈ পুৱা নামপ্ৰসঙ্গ ,বৰগীত পৰিবেশন হোৱাৰ পিছত " মহাপুৰুষ দুজনাৰ সৃষ্টিকৰ্মৰ স্বাক্ষৰ বহন কৰা শ্ৰীশ্ৰী খনিকৰ পুথি কীৰ্তন, জনপ্ৰিয়তা আৰু বৰ্তমান ইয়াৰ প্ৰাসংগিকতা " শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হ'ব।

WhatsApp Image 2025-07-25 at 7.20.53 PM

বিধায়ক ৰূপক শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হ'ব লগা আলোচনা চক্ৰত দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল গোস্বামীয়ে মুখ্য অতিথি, প্ৰাক্তন বিধায়ক ডা০ দুৰ্লভ চমুৱা, সদৌ অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক প্ৰান্তিক গোস্বামীয়ে বিশিষ্ট অতিথি হিচাপে অংশ ল'ব। একেদৰে অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ মঞ্জু লস্কৰে আলোচক হিচাপে অংশগ্ৰহণ কৰিব। 

উদ্ধোধন কৰিব নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কুলেন দাসে। সন্ধিয়া ব্ৰজেন কাকতিয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছত  শ্ৰীশ্ৰী খনিকৰ পুথি কীৰ্তন কৰিব অতুল বৰাই। উদ্ধোধন কৰিব গোলাঘাটৰ যোগেন মহন্তই। ২৭ জুলাইৰ নিশা ভাওনা প্ৰদৰ্শনৰে অনুষ্ঠানৰ সামৰণি পৰিব।

nagaon