/asomiyapratidin/media/media_files/2025/04/23/RQC6SSXGxHqkSsRacytC.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : বিশ্ব গ্ৰন্থ দিৱস উপলক্ষে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বুধবাৰে এখন আলোচনা সভা আৰু টেবুল গ্ৰন্থমেলা অনুষ্ঠিত হয়। তদুপলক্ষে মহাপুৰুষ বিশ্ববিদ্যালয় শিক্ষাতত্ব বিভাগৰ উদ্যোগত "শিক্ষাত চৰিত্ৰ গঠনৰ সজুঁলি হিচাপে গ্ৰন্থ" শীৰ্ষক আলোচনা সভাত শিশুবন্ধু দুলাল বৰা অন্যতম আলোচক হিচাপে উপস্থিত থাকে।
তেওঁ কয়- আগতে নজনা বহু বিষয়ৰ শিক্ষা লাভ কৰা বুলি কোৱাৰ লগতে কিতাপ পঢ়া লোকে ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান সকলৰ সন্মুখত চকুত চকু থৈ সাহসেৰে প্ৰশ্ন কৰিব পাৰে সেয়ে কিতাপ পঢ়িব লাগে। শিক্ষাৰ্থীসকলে ছাত্ৰকালতে বিশ্বৰ বিখ্যাত কিতাপ পঢ়িলে জগত জিনিব পাৰিব।
লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলে আগলৈ জগত জিনিবও পাৰিব আশা কৰে। শিক্ষাৰ্থীসকলে নিজ নিজ প্ৰতিভাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিশ্বত উজ্বলাই তুলিব পাৰিব বুলি কয়।
উল্লেখ্য যে, এই সভাত আলোচক হিচাপে উপস্থিত থাকে ডিমৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, সুবক্তা মোহিনীমোহন ডেকা,পল্লৱপ্ৰাণ গোস্বামী আৰু কবি শোণিত বৰঠাকুৰ। আলোচনা সভাৰ আৰম্ভণীতে শিক্ষাতত্ব বিভাগৰ প্ৰধান ড০ ত্ৰিবেনী শইকীয়া টেবুল গ্ৰন্থমেলা মুকলি কৰে।
সভাত শিক্ষাগুৰু ড০ ৰূপশ্ৰী দেৱী, ড০ সৌৰভ চাহা, জাহ্নৱী হাজৰিকা, গৌৰৱ প্ৰতিম হাজৰিকা, মানস প্ৰতিম নেওঁগৰ লগতে আন বিভাগৰ শিক্ষাগুৰু আৰু ছাত্ৰ-ছাত্ৰীসকলেও অংশগ্ৰহন কৰে।