গুৱাহাটীত সাহাৰ্য মঞ্জুৰি বিতৰণ অনুষ্ঠান

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দেওবাৰে বিয়লি অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জনজাতীয় বিশ্বাসৰ উপাসনাস্থলী আৰু সাংস্কৃতিক অনুষ্ঠানলৈ দ্বিতীয় কিস্তিৰ আৰ্থিক সাহায্য বিতৰণ কৰা হয়

author-image
Asomiya Pratidin
New Update
সাংস্কৃতিক অনুষ্ঠানলৈ দ্বিতীয় কিস্তিৰ আৰ্থিক সাহায্য বিতৰণ

সাংস্কৃতিক অনুষ্ঠানলৈ দ্বিতীয় কিস্তিৰ আৰ্থিক সাহায্য বিতৰণ

ডিজিটেল সংবাদ, হাওৰাঘাট : অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ উদ্যোগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দেওবাৰে বিয়লি অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জনজাতীয় বিশ্বাসৰ উপাসনাস্থলী আৰু সাংস্কৃতিক অনুষ্ঠানলৈ দ্বিতীয় কিস্তিৰ আৰ্থিক সাহায্য বিতৰণ কৰা হয় । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী ডা০ ৰণোজ পেগু আৰু খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী যোগেন মহন  ।

Advertisment
সাংস্কৃতিক অনুষ্ঠানলৈ দ্বিতীয় কিস্তিৰ আৰ্থিক সাহায্য বিতৰণ
সাংস্কৃতিক অনুষ্ঠানলৈ দ্বিতীয় কিস্তিৰ আৰ্থিক সাহায্য বিতৰণ

 

উল্লেখ্য যে অনুষ্ঠানত বড়োসকলৰ বাথৌ আৰু ব্ৰহ্ম ধৰ্মৰ মন্দিৰৰ বাবে দ্বিতীয় কিস্তিৰ আৰ্থিক সাহায্য বিতৰণ কৰাৰ উপৰিও কাৰ্বি, দেউৰী, সোণোৱাল আদি বিভিন্ন জনজাতীয় লোকসকলৰ মন্দিৰৰ বাবে দ্বিতীয় কিস্তিৰ আৰ্থিক সাহায্য বিতৰণ কৰা হয় । এই অনুষ্ঠানতে সদৌ বাথৌ মহাসভা(গড়চুক, গুৱাহাটী) বাবে ৫.৫০ কোটি টকা, ১৮৯ খন খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস উপাসনাস্থলীৰ বাবে ৫ লাখকৈ টকা, ৩৬ খন খিলঞ্জীয়া জনজাতীয় বিশ্বাস আৰু উপাসনাস্থলীৰ বাবে দ্বিতীয় কিস্তিৰ ৫ লাখকৈ টকা, ৬ টা জনজাতীয় বিশ্বাস আৰু সাংস্কৃতিক অনুষ্ঠানলৈ দ্বিতীয় কিস্তিৰ ১০ লাখকৈ টকা আৰ্থিক সাহায্য বিতৰণ কৰা হয় ।

dr ranoj pegu