/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/632a9ffd-68c2-4394-8ac6-96bd20ee5edb/kokrajhar_puja.jpg)
kokrajhar puja
ডিজিটেল সংবাদ,কোকৰাঝাৰঃ কোকৰাঝাৰত বিজয়া দশমীৰ দিনা দেৱী দুৰ্গা বিসৰ্জনৰ সময়ত ডি জে বজোৱাক কেন্দ্ৰ কৰি আৰক্ষী-প্ৰশাসনৰে মত বিৰোধ একাংশ পূজা সমিতিৰ । উল্লেখ্য যে, জিলা প্ৰশাসনে দেৱী বিসৰ্জনৰ সময়ত ডি জে বজোৱাৰ অনুমতি দিয়া নাছিল।
সেয়ে শান্তিনগৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে জিলা প্ৰশাসনক ডি জে বজাব নিদিলে অসহযোগৰ ভাবুকি প্ৰদান কৰে। যদিহে প্ৰশাসনে ডি জে বজোৱাৰ অনুমতি নিদিয়ে তেন্তে মূৰ্তি প্ৰশাসনক হস্তান্তৰৰ ভাবুকি দিয়ে শান্তিনগৰ পূজা সমিতিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/8e8c71a5-004a-4c4f-b23a-326b5fb5be3e/kokrajhar_puja1.jpg)
অন্যহাতে জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেৰে কয় যে, পৰম্পৰাগত বাদ্যযন্ত্ৰ বজোৱাত আপত্তি নাই ,কিন্তু ডি জে বজাই, মদ্যপান কৰি দেৱী বিসৰ্জন নকৰিব । পূজা সমিতিক সুস্থ পৰম্পৰা মানি দেৱী বিসৰ্জন কৰাৰ আহ্বান অধীক্ষক গৰাকীৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us