ডিজিটেল সংবাদ,পাটাছাৰকুছিঃ “ অসমৰ ওজাপালি-দেওধনী হ’ল শিপাৰ সৈতে সংপৃক্ত লোককৃষ্টি ৷এই লোককৃষ্টিয়ে অসমৰ জনজীৱন প্ৰাচীন কালৰ পৰাই সমৃদ্ধ কৰি আহিছে৷ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্ৰ ’আইৰন গাৰ্লছ“এ অসমৰ ওজাপালি -দেওধনীক বিশ্বদৰবাৰলৈ লৈ গ’ল৷ এতিয়া অসমৰ এই সোণসেৰীয়া লোককলাই বিশ্বদৰবাৰক সমৃদ্ধ কৰিছে“ ৷ শনিবাৰে বজালী জিলাৰ পাটাছাৰকুছিৰ সমীপৱৰ্তী ভালুকীত চলচ্চিত্ৰ পৰিচালক ৰাজেন দাসক সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যত আয়োজন কৰা এক বিশাল অভিনন্দন অনুষ্ঠানত এই মন্তব্য কৰে লোককলাৰ সাধক তথা ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অলপতে পদ্মশ্ৰী বঁটা গ্ৰহণ কৰা দ্ৰোণ ভূঞাই৷
পদ্মশ্ৰী দ্ৰোণ ভূঞাই তেওঁৰ ভাষণত পুনৰ আৱেগিকভাৱে কয়, “অসমৰ লোককলা ওজাপালি দেওধনীৰ ওপৰত বহু বছৰ নীৰলসভাৱে কাম কৰিলো৷বহু সংগ্ৰাম কৰিলোঁ৷ চকুপানীৰে এটা সময়ত বাট নেদেখা হৈছিলো৷কিন্ত “আইৰন গাৰ্লছ“এ মোক এক নতুন জীৱন দিলে৷এই চলচ্চিত্ৰখনৰ কেন্দ্ৰীয় চৰিত্ৰত মই অভিনয় কৰিছো৷মোৰ জীৱনক ইয়াত বাস্তৱৰূপত পৰিচালকে দেখুৱাইছে৷অসমৰ এই লোককলাৰ প্ৰসাৰত মই অতি সুখী“৷
উল্লেখ্য যে “আইৰন গাৰ্লছ“এ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় স্তৰত লাভ কৰা সাফল্যৰ বাবে আজি বজালীৰ ভালুকীত অনুষ্ঠিত কৰা এক কেন্দ্ৰীয় অভিনন্দন অনুষ্ঠানত বজালী তথা ভালুকীৰ ৩০ টা দল সংগঠন অনুষ্ঠান-প্ৰতিষ্ঠানে পৰিচালক ৰাজেন দাসক উষ্ম সম্বৰ্দ্ধনা জনায়৷ ভালুকী হাইস্কুলৰ প্ৰধান শিক্ষক দামোদৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে“ আইৰন গাৰ্লছ“ চলচ্চিত্ৰৰ সহকাৰী প্ৰযোজক মিনাক্ষী দাস,অভিনয় শিল্পী পদ্মশ্ৰী দ্ৰোণ ভূঞা,আশা বৰদলৈ,তৰুণ আজাদ ডেকা,জেচমিন দাস,প্ৰকাশ ঠাকুৰীয়া সোণেশ্বৰ কলিতাকো সম্বৰ্দ্ধনা জনোৱা হয় ৷
ভাষণ প্ৰসংগত জনপ্ৰিয় অভিনেত্ৰী আশা বৰদলৈয়ে অসমৰ লোককলা ওজাপালি-দেওধনীক পৰিচালক ৰাজেন দাসে বিশ্বদৰবাৰলৈ উলিযাই নিয়াৰ প্ৰচেষ্টাক শলাগ লয়৷অসমৰ নতুন প্ৰজন্মক তেওঁ লোকসংস্কৃতিৰ সঠিক সাধনা আৰু চৰ্যা কৰিবলৈ আকুল আহ্বান জনায়৷আনহাতে লেখক-সমালোচক-অনাতাৰ শিল্পী তথা বিশিষ্ট সমাজ সংগঠক তৰুণ আজাদ ডেকাই পৰিচালকৰ প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে অবিভক্ত দৰঙৰ লোককৃষ্টি ওজাপালি-দেওধনীৰ ওপৰত গৱেষণাৰ বাবে লোকসংস্কৃতিৰ লগত জড়িত নতুন প্ৰজন্মক আহ্বান জনায়৷
অঞ্জন শৰ্মা আৰু কিশোৰ কুমাৰ গোস্বামীয়ে আঁত ধৰা সভাখনত পৰিচালক ৰাজেন দাসে নিজৰ আবেগিক বক্তব্যত কয় -"মই কলেজত অধ্যাপনাৰ চাকৰি সূত্ৰে পোৱা দৰমহাৰ টকাৰ প্ৰায় সকলোখিনিয়েই লোককৃষ্টি ৰক্ষা তথা সংৰক্ষণৰ বাবে ‘আইৰন গাৰ্লছ’ত খৰছ কৰিছো৷ বহু কষ্ট কৰিছো ৷ সংগ্ৰাম কৰিছো৷কিন্ত অসমৰ এই স্বৰ্ণিল লোককৃষ্টিক সংৰক্ষণ কৰাটো মোৰ দায়বদ্ধতা বুলি ভাবিছো৷এয়া মোৰ অসমীয়া জাতিৰ প্ৰতি দেশপ্ৰেম বুলি ভাবিছো৷’’
পৰিচালক ৰাজেন দাসে ৰাইজৰ এই অভুতপূৰ্ব মৰম আৰু শুভেচ্ছাই সকলো দুখ কষ্টক পাহৰাই পেলালে বুলি ভাষণ প্ৰংসগত ৰাইজক ধন্যবাদ জ্ঞাপন কৰে৷ সভাত বজালী জিলা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ ৰঞ্জিত শালৈ,বজালী জিলা বিজেপিৰ নৱনিযুক্ত সভাপতি পদ্ম শৰ্মা,বিজেপি বজালী মণ্ডলৰ সভাপতি ৰাজীৱ শৰ্মা আদি ব্যক্তিসকলেও বক্তব্য প্ৰদান কৰে৷
উল্লেখ্য যে শনিবাৰে ভালুকীত অনুষ্ঠিত এই কেন্দ্ৰীয় সম্বৰ্দ্ধনা অনুষ্ঠানত পৰিচালক ৰাজেন দাসক ভালুকী জগদ্ধাত্ৰী পূজা সমিতি,ভালুকী দামোদৰ দেৱ সত্ৰ,ভালুকী গৰখীয়া গোসাঁই থান পৰিচালনা সমিতি,বাসুদেৱ থান সমিতি,ভালুকী মহিলা সমিতি,নিৰ্মল হালৈ মহাবিদ্যালয় ছাত্ৰ একতা সভা,ভালুকী হাইস্কুল,কল্পনা ক্লাৱ ,সেৱক সংঘ ,শাখা সাহিত্য সভা,বিজেপি বৰভালুকী বুথ সমিতি,ক্ষুদ্ৰ ভালুকী বুথ সমিতি,খলিহামাৰী চুবুৰী মহিলা সমাজ,বিজেপি ভূপেন হাজৰিকা শক্তিকেন্দ্ৰ, পাটাছাৰকুছি মণ্ডল সমিতি,ভালুকী আঞ্চলিক ৰঙালী বিহু সন্মিলন আদিকে ধৰি ৩০ টা দল সংগঠন অনুষ্ঠান-প্ৰতিষ্ঠানে পৰিচালক ৰাজেন দাসক বিপুল সম্বৰ্দ্ধনা জনায়৷