লামডিঙত উপস্থিত হয় সৰ্বভাৰতীয় ৰে'লৱে সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান মনোজ যাদৱ

লামডিঙত উপস্থিত হয় সৰ্বভাৰতীয় ৰে'লৱে সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান মনোজ যাদৱ ৷ শনিবাৰে পোনপ্ৰথমে সঞ্চালক প্ৰধান গৰাকীয়ে গুৱাহাটী ৰে'লৱে ষ্টে'চনত উপস্থিত হৈ ১৩৫টা উন্নতমানৰ AIসংযুক্ত CCTV কেমেৰাৰ উন্মোচন কৰে।

author-image
Asomiya Pratidin
New Update
লামডিঙত উপস্থিত মনোজ যাদৱ

লামডিঙত উপস্থিত মনোজ যাদৱ

ডিজিটেল সংবাদ, লামডিং: লামডিঙত উপস্থিত হয় সৰ্বভাৰতীয় ৰে'লৱে সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান মনোজ যাদৱ ৷ শনিবাৰে পোনপ্ৰথমে সঞ্চালক প্ৰধান গৰাকীয়ে গুৱাহাটী ৰে'লৱে ষ্টে'চনত উপস্থিত হৈ ১৩৫টা উন্নতমানৰ AIসংযুক্ত CCTV কেমেৰাৰ উন্মোচন কৰাৰ লগতে দুপৰীয়া লামডিং ৰে'লৱে জংচনত উপস্থিত হৈ সমগ্ৰ ৰে'লৱে জংচনটো পৰিদৰ্শন কৰে ৷ 

Advertisment

যাত্ৰীসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত আৰু অধিক উন্নত পৰিমানে সুবিধা আৰু সুৰক্ষা প্ৰদান কৰিব পাৰে সেই কথাৰো বুজ লয় ৰেলৱে সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান গৰাকীয়ে ৷ ৰে'লৱে বিষয়াৰ সৈতে বুজ লবৰ বাবে তেখেতে লামডিং ৰেলৱে মাণ্ডিলকৰ প্ৰৱন্ধকগৰাকীৰ সৈতে এখনি গুৰুত্বপূৰ্ণ বৈঠকতো অংশ গ্ৰহণ কৰে ৷   

নৰ্থইষ্ট ফ্ৰণ্টিয়াৰ ৰে'লৱে উত্তৰ পূব সীমান্ত ৰে'লৱে ৰে'লৱে বিভাগ ভাৰতীয় ৰে'লৱে