দীপ্তি চহৰীয়াক ৰাষ্ট্ৰপতি ভৱনৰ পৰা ‘এট হোম’ অনুষ্ঠানলৈ বিশেষ আমন্ত্ৰণ

দৰং জিলাৰ প্ৰগতিশীল গ্ৰাম্য মহিলা কৃষি উদ্যোগী দীপ্তি চহৰীয়াক স্বাধীনতা দিৱস উপলক্ষে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত ১৫ আগষ্টৰ সন্ধিয়া ৬:০০ বজাত অনুষ্ঠিত হ’বলগীয়া ‘এট হোম’ অভ্যৰ্থনাত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে।

author-image
Asomiya Pratidin
New Update
FDFRW

ডিজিটেল সংবাদ, মঙলদৈঃ দৰং জিলাৰ প্ৰগতিশীল গ্ৰাম্য মহিলা কৃষি উদ্যোগী দীপ্তি চহৰীয়াক স্বাধীনতা দিৱস উপলক্ষে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত ১৫ আগষ্টৰ সন্ধিয়া ৬:০০ বজাত অনুষ্ঠিত হ’বলগীয়া ‘এট হোম’ অভ্যৰ্থনাত অংশগ্ৰহণৰ বাবে ৰাষ্ট্ৰপতি ভৱনৰ পৰা আমন্ত্ৰণ জনাইছে।

মঙলদৈ জলজলীৰ প্ৰয়াত কৃষক যোগেন চহৰীয়াৰ জীয়ৰী দীপ্তি চহৰীয়া চিৰ সেউজ মহিলা কৃষক উৎপাদক কোম্পানীৰ পৰিচালন সঞ্চালিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁ গ্ৰাম্য মহিলাসকলক কৃষিৰ জৰিয়তে সৱলীকৰণৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগোৱাৰ লগতে অতি সুলভ মূল্যত বীজ, কৃষি সঁজুলি আৰু কীটনাশক সাৰ যোগান ধৰি আহিছে। 

উল্লেখযোগ্য যে, বহনক্ষম কৃষি পদ্ধতিৰ জৰিয়তে গাঁৱৰ মহিলা কৃষক সকলৰ উন্নতিৰ বাবে নিষ্ঠা সহকাৰে কাম কৰি অহা বাবেই তেওঁ এই অসাধাৰণ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে ৷ ভাৰতৰ কৃষিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে কৃষক সকলক সন্মান জনোৱাৰ উদ্দেশ্যে ৮খন ৰাজ্যৰ পৰা ৮গৰাকী গ্ৰামীণ কৃষকক ৰাষ্ট্ৰপতি ভৱনৰ পৰা এই বিশিষ্ট অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছে। দীপ্তি চহৰীয়াই অসমৰ একমাত্ৰ প্ৰতিনিধি হিচাপে এই আমন্ত্ৰণ লাভ কৰিছে ৷
 
ইফালে, দৰং জিলাৰ এখন গাঁৱৰ পৰা ৰাষ্ট্ৰপতি ভৱনৰ মৰ্যাদাপূৰ্ণ প্ৰাঙ্গণলৈ দীপ্তি চহৰীয়াৰ যাত্ৰাৰ বাবে জিলাৰ বিভিন্ন অনুস্থান প্ৰতিষ্ঠানৰ লগতে অঞ্চলটোৰ ৰাইজে অভিনন্দন জনাইছে।

ৰাষ্ট্ৰপতি ভৱন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি দৰং