/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/907b224c-8119-43e3-96d3-92cf9a8de5c0/DIPSIKHA_08.jpg)
DIPSHIKHA
ডিজিটেল ডেস্কঃ দেওবাৰে গুৱাহাটী আহি পাবহি উত্তৰাখণ্ডৰ উত্তৰাকাশী গাৰোৱান হিমালয়ৰ দ্ৰোপদী কা দাণ্ডা-২ ত পৰ্বতাৰোহণৰ প্ৰশিক্ষণ ল'বলৈ গৈ মৃত্যু হোৱা দীপশিখা হাজৰিকাৰ নশ্বৰ দেহ। উত্তৰকাশীৰ পৰা তেওঁৰ নশ্বৰ দেহ ইতিমধ্যে ডেৰাডুনলৈ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে।
তাৰ পৰা বিমানেৰে দীপশিখাৰ নশ্বৰ দেহ গুৱাহাটীলৈ অনা হ'ব। দেওবাৰে আবেলি ৪ বজাত বৰঝাৰ পাবহি দীপশিখাৰ নশ্বৰ দেহ কঢ়িয়াই অনা বিমানখন। একেখন বিমানতে মেঘালয়ৰ আন এগৰাকী পৰ্বতাৰোহী টিকলু জয়ৰা নশ্বৰ দেহো অনা হ'ব।
ইফালে পৰ্বতাৰোহণৰ প্ৰশিক্ষণ ল'বলৈ গৈ হিমস্খলনত আন সতীৰ্থসকলৰ সৈতে মৃত্যুক সাৱটি লোৱা দীপশিখাৰ আত্মাৰ সদগতি কামনাৰে অসম পৰ্বতাৰোহণ সন্থাই শনিবাৰে এক শোক সভা অনুষ্ঠিত কৰে।
নেহেৰু ষ্টেডিয়ামত থকা অসম পৰ্বতাৰোহণ সন্থাৰ কাৰ্যালয়ত আয়োজিত এই শোক সভাত হিমস্খলনত মৃত্যু হোৱা আনসকলৰ স্মৃতিতো সন্থাৰ বিষয়ববিয়াসকলে মৌন প্ৰাৰ্থনা জনাই।