Advertisment

মহাকুম্ভৰ ত্ৰিবেণী সংগমত স্নান কৰি ৭৩খন দেশৰ কুটনীতিবিদে ল'লে আশীৰ্বাদ...

কুটনৈতিক বিষয়াসকলক ত্ৰিবেণী সংগম দৰ্শন কৰোৱাই দেশৰ সংস্কৃতিৰ তাৎপৰ্য আৰু পবিত্ৰ সংগমস্থলী আৰু মহা কুম্ভৰ গুৰুত্বৰ বিষয়ে অৱগত কৰা হয়। একাংশ কূটনীতিবিদে সংগমস্থলীত স্নান কৰি ইয়াক এক অবিস্মৰণীয় অভিজ্ঞতা বুলি উল্লেখ কৰে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ  উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাই দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে দেশী-বিদেশী পৰ্যটকৰ । বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা আহি মহা কুম্ভ মেলাত অংশগ্ৰহণ কৰি আপ্লুত হৈছে পৰ্যটকসকল ।

Advertisment

উল্লেখযোগ্য যে শনিবাৰে মহাকুম্ভত ৭৩খন দেশৰ কূটনীতিবিদসকলক আদৰণি জনাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিশ্চিত কৰে যে ভ্ৰমণকাৰী গণ্যমান্য ব্যক্তিসকলে এই উৎসৱত অংশগ্ৰহণ কৰি আনন্দ প্ৰকাশ কৰে ।

মহা কুম্ভ নগৰৰ দিনজোৰা ভ্ৰমণৰ পিছত, সংগমলৈ বিশেষ নাও যাত্ৰাৰ জৰিয়তে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সন্ধিয়া অতিথিসকলক সাক্ষাৎ কৰি মহাকুম্ভ আৰু প্ৰয়াগৰাজৰ তাৎপৰ্যৰ কথা বৰ্ণনা কৰে ।

প্ৰয়াগৰাজত উপস্থিত হোৱাৰ লগে লগে কূটনীতিবিদসকলক প্ৰথমে আদৰণি আৰু সম্ভাষণ জনায় উত্তৰ প্ৰদেশ চৰকাৰৰ বিষয়াই ।কুটনৈতিক বিষয়াসকলক ত্ৰিবেণী সংগম দৰ্শন কৰোৱাই দেশৰ সংস্কৃতিৰ তাৎপৰ্য আৰু পবিত্ৰ সংগমস্থলী আৰু মহা কুম্ভৰ গুৰুত্বৰ বিষয়ে অৱগত কৰা হয়। একাংশ কূটনীতিবিদে সংগমস্থলীত স্নান কৰি ইয়াক এক অবিস্মৰণীয় অভিজ্ঞতা বুলি উল্লেখ কৰে ।

স্নান কৰাৰ পিছত কূটনীতিবিদসকলে ইউ পি টুৰিজিমে প্ৰদান কৰা বিলাসী বাছত উঠি মহাকুম্ভ মেলা ভ্ৰমণ কৰি অক্ষয়ৱত কৰিডৰ আৰু হনুমান মন্দিৰ পৰিদৰ্শন কৰে। লগতে অক্ষয়ৱত কৰিডৰৰ সৰস্বতী কুপ পৰিদৰ্শন কৰে। 

"ভাৰতীয় নদী-গছ পূজাৰ পৰম্পৰা আৰু ইয়াৰ আধ্যাত্মিক তাৎপৰ্য্য দেখি বহু কূটনীতিবিদ বিশেষভাৱে আপ্লুত হৈছিল। হনুমান মন্দিৰ পৰিদৰ্শন কৰাৰ পিছত কূটনীতিবিদৰ কনভয়ে মেলা এলেকাৰ আৰক্ষী লাইনৰ প্ৰেক্ষাগৃহত উপস্থিত হয়, য'ত মুখ্যমন্ত্ৰীয়ে তেওঁলোকক সাক্ষাৎ কৰে।" উত্তৰ প্ৰদেশ চৰকাৰৰ বিষয়াই এইদৰে উল্লেখ কৰে । 

মহা কুম্ভ মেলা