/asomiyapratidin/media/media_files/2025/02/18/BPerQ3Fn2Wtb6iN5Zm4E.jpg)
ডিজিটেল সংবাদ,ডিফু: ৫ ফ্ৰেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ প্ৰাৰম্ভিক বৈঠকত ২০২৫/২৭ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতি গঠনত 'সাংগঠনিক সম্পাদক পদ'ৰ বাবে সংশ্লিষ্ট এলেকাৰ পৰা ব্যক্তি মনোনীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।
অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয়ৰ ক্ষেত্ৰত তেনে সংশ্লিষ্ট এলেকাৰ কথা উল্লেখ নথকাত উক্ত পাহাৰীয়া জিলাখনৰ সাহিত্য সভাৰ ভিতৰচৰাত বৰ্তমান অসন্তুষ্টিয়ে দেখা দিছে। উল্লেখ্য যে বকলীয়াঘাট নিবাসী বিশ্বজ্যোতি হাজৰিকাক ডিফু আঞ্চলিক কাৰ্যালয়ৰ সম্পাদকৰ পদত পুনৰ বাৰ অন্তৰ্ভুক্ত কৰাত বিষয়টোৱে অসম সাহিত্য সভাৰ ভিতৰ স্বৰূপটোক উদঙাইছে।
অসম সাহিত্য সভাৰ ডিফু আঞ্চলিক কাৰ্যালয়ৰ সম্পাদকৰ দায়িত্ব অৰ্পণ সন্দৰ্ভত কাৰ্বি আংলং জিলাৰ প্ৰাক্তন সভাপতি আৰু প্ৰাক্তন সম্পাদককে ধৰি ১৩ জনকৈ বিষয়ববীয়াই এক লিখিত অভিযোগ উত্থাপন কৰি অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি আৰু প্ৰধান সম্পাদকৰ লগতে উপ সভাপতিলৈ বুলি প্ৰতিলিপি প্ৰেৰণ কৰিছিল। যদিও ১৩ জনকৈ প্ৰাক্তন সভাপতি আৰু প্ৰাক্তন সম্পাদকৰ অভিযোগ, পৰামৰ্শ আৰু অনুৰোধৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰাৰো অভিযোগ হৈছে।