সোনাৰী চাপৰিৰ অগ্ৰণী সমাজহিতৈষী দ্বীপেন বৰুৱাৰ বিয়োগ...

সোনাৰী চাপৰিৰ অগ্ৰণী সমাজহিতৈষী দ্বীপেন বৰুৱাৰ বিয়োগ...

author-image
Asomiya Pratidin
New Update
সোনাৰী চাপৰিৰ অগ্ৰণী সমাজহিতৈষী দ্বীপেন বৰুৱাৰ বিয়োগ...

ডিজিটেল সংবাদ,ঢকুৱাখনা: বৃহত্তৰ সোনাৰী চাপৰিৰ এগৰাকী অগ্ৰণী সমাজসেৱক তথা সোনাৰী চাপৰি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি দ্বীপেন বৰুৱাৰ অকাল বিয়োগ ঘটিছে ।

Advertisment

মঙলবাৰে বিয়লি প্ৰায় ৫ বজাত ঢকুৱাখনা মহকুমাৰ বাঁহপৰা অঞ্চলৰ বাসিন্দা তথা প্ৰতিষ্ঠিত ব্যৱসায়ী বৰুৱাই নিজা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ঘৰলৈ গৈ জিৰণি ল'বলৈ বিছনাত পৰে। কিছু সময় পাছতে নিদ্ৰাৰত অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে বৰুৱাই।

আত্মীয়ই ঘটনাৰ আকস্মিকতাত স্তম্ভিত হৈ বৰুৱাক ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ আনে যদিও ইতিমধ্যে তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত বৰুৱাৰ বয়স আছিল প্ৰায় ৫৩ বছৰ। দ্বীপেন বৰুৱাই ইহসংসাৰত পত্নী অনু বৰুৱা, এজন পুত্ৰ আৰু দুগৰাকী কন্যা সহ বহু আত্মীয়ক এৰি যায়।

দ্বীপেন বৰুৱাই সোনাৰী চাপৰি আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ স্থায়ী সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক হিচাবে আমৃত্যু সেৱা আগবঢ়াই গৈছিল। বৰুৱাৰ আকস্মিক বিয়োগৰ খবৰে সমগ্ৰ ঢকুৱাখনা মহকুমাৰ লগতে সোনাৰী চাপৰি অঞ্চলত শোকৰ ছাঁ পেলাইছে ।

সোনাৰী চাপৰি আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ স্থায়ী সমিতিৰ সভাপতি ৰাজেন টাকু , উদযাপন সমিতিৰ হৈ সভাপতি প্ৰাঞ্জল চুতীয়া,জয়ন্ত শইকীয়া, বাঁহপৰা গাঁও উন্নয়ন সমিতি,সহপাঠী শিক্ষক থানেশ্বৰ বৰুৱা আদি বিভিন্ন ব্যক্তি সংগঠনে বৰুৱাৰ মৃত্যুৰ খবৰ পাই বৰুৱাৰ বাসগৃহত উপস্থিত হৈ অন্তিম শ্ৰদ্ধাঞ্জলি জনায়।

Also Read: উমৰাংছু'ত স্থাপন হ'বলগীয়া মাইনিং প্ৰজেক্টৰ বিৰুদ্ধে কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিবাদ...

sonari sapori Dipen baruah