সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি পদ ত্যাগ দীপাংক কুমাৰ নাথৰ..
সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি পদ ত্যাগ দীপাংক কুমাৰ নাথৰ..

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি পদ ত্যাগ দীপাংক কুমাৰ নাথৰ..

ডিজিটেল ডেস্কঃ আছুৰ পৰা পদত্যাগ কৰিলে সংগঠনটোৰ সভাপতি দীপাং কুমাৰ নাথে। দুলীয়াজান অধিৱেশনত আছুৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে সভাপতি হিচাপে নিৰ্বাচিত হোৱা দীপাংক কুমাৰ নাথে একান্তই ব্যক্তিগত কাৰণত আছু ত্যাগ কৰা বুলি উল্লেখ কৰিছে।

গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক আৰু প্ৰতিনিধি সভাত এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে দীপাংক কুমাৰ নাথে। তেওঁ কাৰ্যকাল সমাপ্ত কৰিব নোৱাৰাৰ বাবে দুখ প্ৰকাশো কৰিছে। তেওঁ কাৰ্যকাল সমাপ্ত নকৰাকৈ সভাপতিৰ দায়িত্ব ত্যাগ কৰাৰ বাবে ক্ষমা বিচাৰিছে।

উল্লেখ্য যে আছুৰ পৰৱৰ্তী মৰিগাওঁ অধিৱেশন পৰ্যন্ত দীপাংক কুমাৰ নাথে সভাপতি হিচাপে দায়িত্ব পালন কৰিব নোৱাৰাত এতিয়াৰে পৰা পৰৱৰ্তী অধিৱেশন পৰ্যন্ত উপ-সভাপতি উৎপল শৰ্মাই ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব পালন কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in