নগাঁৱৰ দীপক বৰালৈ প্ৰধানমন্ত্ৰীৰ প্ৰশংসা পত্ৰ...

নগাওঁ জিলাৰ উৰিয়াগাঁৱৰ দীপক বৰালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰেৰণ কৰিছে বিশেষ প্ৰশংসা পত্ৰ। মা ভাৰতী আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৃ গঢ়াৰ অৰ্থে চিত্ৰকলাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী তথা সমাজলৈ বিশেষ অৰিহণা আগবঢ়োৱাৰ

author-image
Asomiya Pratidin
New Update
fsgf

ডিজিটেল ডেস্কঃ নগাওঁ জিলাৰ উৰিয়াগাঁৱৰ দীপক বৰালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰেৰণ কৰিছে বিশেষ প্ৰশংসা পত্ৰ। মা ভাৰতী আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৃ গঢ়াৰ অৰ্থে চিত্ৰকলাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী তথা সমাজলৈ বিশেষ অৰিহণা আগবঢ়োৱাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দীপকৰ বৰালৈ প্ৰেৰণ কৰে এই প্ৰশংসা পত্ৰ।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে, দীপক বৰাই প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা বিশেষ চিত্ৰখনৰ বিষয়বস্তু আছিল- একতাই পৰম বল। দীৰ্ঘদিন ধৰি চিত্ৰ সাধনাত বৰ্তি হৈ থকা বৰাই বহুকেইটা ৰাষ্ট্ৰীয় সন্মানো বুটলিবলৈ সক্ষম হৈছে। নতুন দিল্লীৰ সংস্থা অবন্তিাৰ পৰা ৰাষ্ট্ৰীয় গৌৰৱ সন্মান, অল ইণ্ডিয়া আৰ্ট এণ্ড মেজিক ফেষ্টিভেলত তেওঁৰ চিত্ৰই পুৰস্কাৰো আজুৰিঁ আনিছিল। 

বৰ্তমান দীপক বৰা নগাওঁ জিলাৰ বামুণী মধ্য ইংৰাজী বিদ্যালয়ৰ চিত্ৰাংকন তথা সহকাৰী শিক্ষক। 

নগাওঁ