ডিমু জনতা হাইস্কুলৰ বাৰ্ষিক সপ্তাহ উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰা….

অসমৰ প্রতিটো জনগোষ্ঠীৰ ভিন্ন সংস্কৃতিৰ পৰিচয় দাঙি ধৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে। ইয়াৰ সমান্তৰালকৈ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে নিজ হাতে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীও প্ৰদৰ্শন কৰে বিদ্যালয়ৰ চৌহদত।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,হাজোঃএক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে কামৰূপৰ ডিমু জনতা হাইস্কুল প্ৰাংগন।বিদ্যালয়খনৰ বাৰ্ষিক সপ্তাহ উপলক্ষে বিদ্যালয়খনৰ উদ্যোগত উলিওৱা হয় বাৰে ৰহনীয়া সংস্কৃতিক শোভাযাত্ৰা।

অসমৰ প্রতিটো জনগোষ্ঠীৰ ভিন্ন সংস্কৃতিৰ পৰিচয় দাঙি ধৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে।ইয়াৰ সমান্তৰালকৈ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে নিজ হাতে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীও প্ৰদৰ্শন কৰে বিদ্যালয়ৰ চৌহদত।

বিভিন্ন বিষয়ত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে কৰা ভিন্ন প্ৰদর্শনে এক জীপাল পৰিৱেশৰ সৃষ্টি কৰে । নিশাৰ ভাগত বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হব বুলি প্ৰকাশ কৰে বিদ্যালয় কৰ্তৃপক্ষই।।

কামৰূপ