ডিমৌ চাৰিআলি আঞ্চলিক ৰাস মহোৎসৱৰ আয়োজন...

বিশিষ্ট নাট্যকাৰ তথা ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা চম্পক শৰ্মাৰ 'মন তই নাকান্দিবি' শীৰ্ষক সামাজিক নাট মঞ্চস্থ কৰিব

author-image
Asomiya Pratidin
New Update
ডিমৌ চাৰিআলি আঞ্চলিক ৰাস মহোৎসৱৰ আয়োজন...

স্থানীয় শিল্পীৰ আখৰা

ডিজিটেল সংবাদ ,বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ নিকতৱৰ্তী সাংস্কৃতিক ক্ৰীড়া ক্ষেত্ৰৰ সংগমস্থলী ডিমৌ চাৰিআলি আঞ্চলিক ৰাস মহোৎসৱৰ আয়োজন। নাট্যশ্ৰী উমাৰাম কাকতি নাট্যচৰা প্ৰাংগণত অহা ৭,৮,৯আৰু১০ নৱেম্বৰ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বুলি আয়োজক সমিতিয়ে জনায় ৷

Advertisment

আয়োজক সমিতিয়ে জনোৱা কাৰ্যসূচী অনুসৰি, অহা ৭ নৱেম্বৰৰ বিয়লি গুৰু আসন প্ৰতিষ্ঠা,৬ বজাত গন্ধৰ্ব বাদন,সন্ধিয়া ৬ বজাত প্ৰসাদ বিতৰণ ৷ ৮ নৱেম্বৰৰ পুৱা উষা কীৰ্তন,পুৱা ৮ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব ৰাস উৎসৱ উদযাপন সমিতিৰ সভাপতি হেমন্ত ডেকাই ৷

ইয়াৰ পাছতে ভাগৱত আনয়ন আৰু ভাগৱত শোভাযাত্ৰা ৷ ১২ বজাত নাম প্ৰসংগ আৰু প্ৰসাদ বিতৰণৰ অন্তত সন্ধিয়া বন্তি প্ৰজ্বলন ৷ সন্ধিয়া ৬ বজাত খোলতালৰ যোৰাৰ পাছতে সন্ধিয়া ৮ বজাত স্থানীয় শিল্পী সকলৰ দ্বাৰা 'কেলিগোপাল' নাট প্ৰদশৰ্ন । ৯ নৱেম্বৰৰ পুৱা নাম প্ৰসংগ,দুপৰীয়া প্ৰসাদ বিতৰণ,সন্ধিয়া ৬ বজাত খোল তালৰ যোৰাৰ পাছতে ৮ বজাত বালিসৰা গাঁৱৰ মহিলাৰ দ্বাৰা 'গঞা সুৰৰ তীৰ্থ যাত্ৰা ' ভাওঁনা প্ৰদৰ্শন।

উল্লেখ্য যে, অন্তিম দিনা নিশা স্থানীয় শিল্পী সকলৰ দ্বাৰা বিশিষ্ট নাট্যকাৰ তথা ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা চম্পক শৰ্মাৰ 'মন তই নাকান্দিবি' শীৰ্ষক সামাজিক নাট মঞ্চস্থ কৰিব।

আনহাতে ৰাস মহোৎসৱ উপলক্ষে অঞ্চলটোত অসুৰ বধৰ আখৰা আৰু গোপী সকলৰ নৃত্যৰ আখৰাকে ধৰি অঞ্চলটোত এক উখল-মাখল পৰিবেশৰ সৃষ্টি কৰিছে।

assam dimou chariali rakh lila