/asomiyapratidin/media/media_files/2025/07/10/vddggfgfgfg-2025-07-10-18-45-14.jpg)
ডিজিটেল সংবাদ, জোনাইঃ জোনাই সমষ্টিৰ অন্তৰ্গত নৱগঠিত চিমেন-চিচিটঙানী উন্নয়ন খণ্ডৰ ডিমৌ গাঁও পঞ্চায়ত গঠন প্ৰক্ৰিয়া পুনৰ অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে। বৃহস্পতিবাৰে পঞ্চায়ত গঠন কৰাৰ বাবে জোনাই সম জিলা কাৰ্য্যলয়লৈ ১০ গৰাকী নিৰ্বাচিত ৱাৰ্ড সদস্যক আমন্ত্ৰণ জনোৱা হৈছিল। অৱশ্যে কেৱল ৬ গৰাকী সদস্য উপস্থিত থাকিলেও বাকী ৪ গৰাকী অনুপস্থিত থকাৰ বাবে পঞ্চায়ত গঠন প্ৰক্ৰিয়া সম্পন্ন কৰিব পৰা নগ’ল।
জিলা প্ৰশাসনৰ সূত্রে জনোৱা অনুসৰি, সদস্য সংখ্যাৰ অভাৱত পঞ্চায়ত গঠন ব্যৱস্থা সম্পূর্ণ নোহোৱাত এই প্ৰক্ৰিয়া পুনৰ অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে। উপস্থিত সদস্যসকলে সংবাদমাধ্যমৰ সৈতে বাৰ্তালাপত কয় যে, পৰিস্থিতিৰ উন্নতি ঘটাই সকলো সদস্যৰ উপস্থিতিৰে শীঘ্ৰে পঞ্চায়ত গঠন সম্পন্ন কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে।
উল্লেখযোগ্য যে, ৪ জুলাই তাৰিখে অনুষ্ঠিত হ’বলগীয়া ডিমৌ পঞ্চায়তৰ গঠনৰ সময়ত এক অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি হোৱাত তৎকালীনভাৱে এই প্ৰক্ৰিয়া স্থগিত ৰখা হৈছিল। তাৰ পাছত বৃহস্পতিবাৰে পুনৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰি এই সভাৰ আহ্বান কৰা হৈছিল, কিন্তু সকলো সদস্য উপস্থিত নথকাৰ বাবে গঠন প্ৰক্ৰিয়াই পুনৰ ব্যৰ্থ হয়।