ডিমাপুৰত অনুষ্ঠিত নৰ্থ-ইষ্ট আস্মিতা খেল' ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ ২০২৫

অসমৰ ৭৯ গৰাকী খেলুৱৈয়ে টেণ্ডিং, টুংগল, গাণ্ডা, ৰেগু আৰু ক্ৰীয়েটিভ ছ'ল' আদি বিভাগত প্ৰতিযোগিতা আগবঢ়ায়। ২২টা সোণ, ১৯টা ৰূপ আাৰু ২৫টা ব্ৰঞ্জসহ মুঠ ৬৬টা পদক জয়ৰে প্ৰথম বিজেতা দলৰ সন্মান লাভ কৰি অসমে গৌৰৱ কঢ়িয়াই আনে।

author-image
Asomiya Pratidin
New Update
EQWDW

ডিজিটেল ডেস্কঃ  ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত নাগালেণ্ডৰ ডিমাপুৰস্থিত ডি.বি.এছ ইণ্ড'ৰ ষ্টেডিয়িমত ইংৰাজী ১৭ আৰু ১৮ মাৰ্চত নৰ্থ-ইষ্ট আস্মিতা খেল' ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ ২০২৫ সফলভাৱে অনুষ্ঠিত কৰা হয়।

উত্তৰ-পূৱৰ ৮ ৰাজ্যৰ ছাব্‌-জুনিয়'ৰ, জুনিয়'ৰ আৰু ছিনিয়'ৰ মহিলা খেলুৱৈৰ অংশগ্ৰহণ আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ পৰ্য্যবেক্ষণত হোৱা উক্ত প্ৰতিযোগিতাত নাগালেণ্ডৰ বিধায়ক তথা ৰাজ্যিক ক্ৰীড়া আৰু যুৱ-কল্যাণ বিভাগৰ উপদেষ্টা এছ. কে. য়িমখিউম, নাগালেণ্ড অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক কুপুট' শ্বহে, নাগালেণ্ড ৰাজ্যিক ক্ৰীড়া আৰু যুৱ-কল্যাণ সঞ্চালক কেথ'শ্বিটো শ্বেখ'ছ উপস্থিত থাকি প্ৰতিযোগিতাখনিৰ সৌষ্ঠৱতা বৃদ্ধি কৰে।

িপ

উত্তৰ-পূৱৰ ৮ ৰাজ্যৰ খেলুৱৈ দলৰ মুঠ ৩৩৪ গৰাকী মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিত অসমৰ ৭৯ গৰাকী খেলুৱৈয়ে টেণ্ডিং, টুংগল, গাণ্ডা, ৰেগু আৰু ক্ৰীয়েটিভ ছ'ল' আদি বিভাগত প্ৰতিযোগিতা আগবঢ়ায়। ২২টা সোণ, ১৯টা ৰূপ আাৰু ২৫টা ব্ৰঞ্জসহ মুঠ ৬৬টা পদক জয়ৰে প্ৰথম বিজেতা দলৰ সন্মান লাভ কৰি অসমে গৌৰৱ কঢ়িয়াই আনে।

ুপ

ইয়াৰ বিপৰীতে আয়োজক দল নাগালেণ্ডে ১০টা সোণ, ৮টা ৰূপ আাৰু ১৬টা ব্ৰঞ্জসহ মুঠ ৩৪টা পদক লাভ কৰি দ্বিত্বীয় স্থান অৰ্জন কৰে। লগতে অৰুণাচল প্ৰদেশে ৮টা সোণ, ৬টা ৰূপ আাৰু ৬টা ব্ৰঞ্জসহ মুঠ ৬৬টা পদক লাভ কৰি তৃতীয় স্থান লাভ কৰে বুলি অসম পেনচাক চিলাট সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক লক্ষ্যজিত দলে জানিবলৈ দিয়ে।

ডিমাপুৰ