ডিমাপুৰত অঘটন : শিলৰ কুঁৱেৰীত কৰ্মৰত অৱস্থাত শ্ৰমিকৰ অকাল বিয়োগ

ডিমাপুৰৰ চাৰিমাইলৰ এটা শিলৰ কুঁৱেৰীত সংঘটিত হৈছে অনাকাঙ্খিত ঘটনা। কুঁৱেৰীটোত কৰ্তব্যৰত অৱস্থাতে অকাল মৃত্যুক আঁকোৱালি লয় এগৰাকী কৰ্মচাৰীয়ে

author-image
Asomiya Pratidin
New Update
গাঁওবাসী ৰাইজ

ডিজিটেল সংবাদ, লংকা : ডিমাপুৰৰ চাৰিমাইলৰ এটা শিলৰ কুঁৱেৰীত সংঘটিত হৈছে অনাকাঙ্খিত ঘটনা। কুঁৱেৰীটোত কৰ্তব্যৰত অৱস্থাতে অকাল মৃত্যুক আঁকোৱালি লয় এগৰাকী কৰ্মচাৰীয়ে। নৱবিবাহিত কৰ্মচাৰীগৰাকীৰ ঘৰ লংকাৰ নখুটিৰ জাঞ্জু বজাৰত। মৃত ব্যক্তিজনৰ নাম নাজিৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। 

Advertisment

জানিব পৰা মতে নাজিৰুলে শিলৰ কুঁৱেৰীটোত কাম কৰি থকা অৱস্থাতে মেচিনত আঘাতপ্ৰাপ্ত হয়। তাৰ পাছতে সতীৰ্থই কুঁৱেৰী কৰ্তৃপক্ষৰ সহযোগত তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অৱশ্যে দুৰ্ভাগ্যজনকভাৱে চিকিৎসাধীন অৱস্থাতে শ্ৰমিক নাজিৰুলে অকাল মৃত্যুক আঁকোৱালি লয়। 

ইফালে শনিবাৰে নিশা নাজিৰুলৰ নশ্বৰদেহ বাসগৃহলৈ অনাৰ পাছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। আত্মীয়- স্বজনৰ কান্দোনৰ ৰোল উঠে, শোকত ভাগি পৰে পৰিয়ালৰ লগতে গাঁওবাসী ৰাইজ। 

উল্লেখযোগ্য যে, পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী নাজিৰুলে পেটৰ তাৰণাত ডিমাপুৰত শ্ৰমিক হিচাপে কাম কৰিছিল। সেয়েহে নাজিৰুলৰ দুৰ্ভগীয়া পৰিয়ালটিৰ মুখলৈ চাই গাঁওৰ ৰাইজে কোনো সদাশয় ব্যক্তিক সামৰ্থ্য অনুসৰি সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে।

lanka