/asomiyapratidin/media/media_files/2025/06/19/new-ap-web-2-2025-06-19-20-23-28.jpg)
ডিজিটেল ডেস্কঃ ভাঙি পেলোৱা হ’ব ১৯৬২ চনতে নিৰ্মাণ কৰা হাফলং চহৰৰ মাজ মজিয়াত থকা ৰেছম বিভাগৰ ডিমা হাছাও জিলাৰ অসম আৰ্হিৰ অধ্যক্ষৰ কাৰ্যালয়টো! বিশ্বমুখী অসমৰ চহকী ৰেছম শিল্পক জীয়াই ৰখাৰ লগতে ইয়াৰ সংবৰ্ধনৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা পালন কৰি অহা এই কাৰ্যালয়টোক পৰিকল্পিতভাৱে ধ্বংস কৰাৰ ষড়যন্ত্ৰ অসমীয়া প্ৰতিদিন ডিজিটেলত ইতিমধ্যে সবিস্তাৰে প্ৰকাশ পাইছে।
ৰেছম শিল্পক জীয়াই ৰখাৰ স্বাৰ্থত অসমীয়া প্ৰতিদিন ডিজিটেলে কিদৰে ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদে অকৰ্তৃত্বশীলভাৱে ইয়াৰ ভূমি হস্তান্তৰ, অবৈধ বেদখল আৰু ইয়াৰ সম্পদৰাজি ধ্বংসত কৰিছে সেই সন্দৰ্ভত গুৰুত্বসহকাৰে বাতৰি প্ৰকাশ কৰাৰ পিছতে বিভাগটোৰ শীৰ্ষ মহলত জোকাৰণিৰ সৃষ্টি হৈছিল। তাৰ পিছতেই সমগ্ৰ ঘটনা সন্দৰ্ভত ডিমা হাছাও জিলাৰ ৰেছম বিভাগৰ মুৰব্বীগৰাকীক ৪৮ ঘণ্টাৰ ভিতৰত জি পি এছ টেগিং ফটোগ্ৰাফসহ প্ৰতিবেদন দাখিল কৰিবলৈ বিভাগীয় সচিবগৰাকীয়ে নিৰ্দেশ প্ৰদান কৰে।
সেই অনুসৰিয়েই ইতিমধ্যে ৰেছম বিভাগৰ অবৈধভাৱে হস্তান্তৰ কৰা ভূমি আৰু তাত থকা এৰী পলুৰ খাদ্য ২০০ জোপা কেচৰু বৃক্ষ ধ্বংস, নতুনকৈ চলা নিৰ্মাণকাৰ্য, বেদখল আদিৰ জি পি এছ টেগিং ফটোসহ প্ৰতিবেদন মুখ্য কাৰ্যালয়ত জমা দিছিল। ইয়াৰ পিছত বিভাগীয়ভাৱে কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বেই এতিয়া হাফলঙৰ ৰেছম বিভাগৰ অধ্যক্ষৰ কাৰ্যালয় দখল কৰিবলৈ উঠিপৰি লাগিছে ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদ।
এই কাৰ্যালয় নিজৰ দখললৈ নিব পাৰিলেই কাৰ্যালয়টোৰ পুৰণি ভৱন ধ্বংস কৰি ইয়াত চলাব পাৰিব নতুন নিৰ্মাণ কাৰ্য। উল্লেখ্য যে, এই কাৰ্যালয়টো যি ভূমিত আছে তাত ক’ৰ্ট বিল্ডিং আৰু জুডিচিয়েল অফিচাৰৰ কোৱাৰ্টাৰ নিৰ্মাণৰ বাবে ইতিমধ্যে ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদে অকৰ্তৃত্বশীলভাৱে হস্তান্তৰ কৰিছে।
ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ ছেটেলমেণ্ট এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টে NO.REV/S/4-Allot/2025-2026/ ৰ জৰিয়তে স্থায়ী ক’ৰ্ট বিল্ডিং আৰু জুডিছিয়েল অফিচাৰৰ কোৱাৰ্টাৰ নিৰ্মাণৰ বাবে ইয়াৰ ১ বিঘা ৫ কথা ভূমি আৱণ্টন দিছে।ৰেছম বিভাগৰ অধীনত থকা এই ভূমি অকৰ্তৃত্বশীলভাৱে হস্তান্তৰ কৰাৰ পিছত এতিয়া বিভাগীয়ভাৱে কোনো পদক্ষেপ গ্ৰহণৰ পূৰ্বেই অধীক্ষকৰ কাৰ্যালয়টো দখল কৰাৰ চেষ্টা চলাইছে স্বায়ত্ব শাসিত পৰিষদখনে।
১৮ জুন, ২০২৫ত স্বায়ত্ব শাসিত পৰিষদখনৰ প্ৰিন্সিপাল ছেক্ৰেটেৰীয়ে No. GA/TS/Gen-Coress/S/I/Pt/2017-`18/224 পত্ৰৰ জৰিয়তে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ চি ই এম গৰাকীৰ নিৰ্দেশ অনুসৰি হাফলঙত থকা ডিমা হাছাও জিলাৰ ৰেছম বিভাগৰ অধীক্ষকৰ কাৰ্যালয়টো চৰকাৰী বাগানত থকা ৰেছম বিভাগৰ অতিৰিক্ত সঞ্চালকৰ কাৰ্যালয়লৈ স্থানান্তৰৰ নিৰ্দেশ দিয়া হৈছে।
উল্লেখ্য যে, ৰেছম বিভাগৰ এই অতিৰিক্ত সঞ্চালকৰ পদটোও খালী হৈ আছে। তাৰোপৰি ২০২৪ৰ ফেব্ৰুৱাৰীত জিলাখনৰ ৰেছম বিভাগৰ অধীক্ষকগৰাকীয়ে বিভাগীয়ভাৱে পদোন্নতি লাভ কৰাত তেওঁৰ স্থানত আন এগৰাকী কৰ্মচাৰীক দায়িত্ব দি থোৱা আছে যদিও তেওঁৰ সেই পদৰ বাবে প্ৰয়োজনীয় যোগ্যতাও নাই বুলি অভিযোগ উঠিছে।
তাৰেই সুযোগ গ্ৰহণ কৰি স্বায়ত্ব শাসিত পৰিষদখনে এতিয়া নিজ ইচ্ছামতে ৰেছম বিভাগৰ ভূমি অকৰ্তৃত্বশীলভাৱে হস্তান্তৰৰ লগতে ইয়াৰ সম্পদ ধ্বংসত হাত উজান দিছে। ইতিমধ্যে স্বায়ত্ব শাসিত পৰিষদখনে ২০ ডিচেম্বৰ ২০২৪ ত পৰিষদৰ অতিৰিক্ত সচিব আৰু ছেটেলমেণ্ট অফিচাৰৰ দ্বাৰা স্বাক্ষৰিত S.CASE NO.24(H-A)2023-2024 জৰিয়তে হাফলঙৰ হোজাইছা চেণ্ট্ৰেল ৱেলফেয়াৰ কমিটীলৈ বিপিএল ষ্টুডেণ্ট হোষ্টেল নিৰ্মাণৰ বাবে ভূমি আৱণ্টনৰ সন্দৰ্ভত এক পত্ৰ প্ৰেৰণ কৰিছে।
এই পত্ৰত ৰেছম শিল্প বিভাগৰ অধীনত থকা ১৩ কথা ভূমি হস্তান্তৰৰ কথা অৱগত কৰি ইয়াৰ বাবে ৰেছম শিল্প বিভাগলৈ ছেটেলমেণ্ট মাচুল হিচাপে ১০০০ টকা আদায় দিবলৈ নিৰ্দেশ দিয়া হৈছে। তাৰ পিছতেই সেই ভূমিত থকা ২০০ জোপা কেচৰু বৃক্ষ ধ্বংস কৰি তাত নতুনকৈ বিপিএল ষ্টুডেণ্টছ হোষ্টেল নিৰ্মাণৰ প্ৰাৰম্ভিক কাম-কাজ চলিছে।
তাৰোপৰি তাত থকা এৰী সমাহাৰ কেন্দ্ৰটোও তেওঁলোকৰ দখললৈ নিছে। ফলত এৰী প্ৰজন্ন প্ৰক্ৰিয়া ব্যাহত হৈ পৰাত সমগ্ৰ অসমৰ এৰী শিল্পৰ প্ৰতিয়েই ভাবুকি নামি আহিছে। কিয়নো ইয়াৰ পৰাই সমগ্ৰ অসমলৈ প্ৰতি বছৰে এৰী পলুৰ সঁচ যোগান ধৰি আহিছে।
লক্ষ্যণীয় বিষয় যে, এই কাৰ্যালয়তে আছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সেৱা কেন্দ্ৰটোও। এই কাৰ্যালয়তে সংৰক্ষিত হৈ আছে জিলাখনৰ এন আৰ চিৰ ড্ৰাফ্ট আৰু চূড়ান্ত তালিকাৰ সমষ্ট তথ্য। এই কাৰ্যলয়টোকে হাফলং চহৰৰ ভোট কেন্দ্ৰ হিচাপেও ব্যৱহাৰ কৰি অহা হৈছে।
এনে পৰিস্থিতিত ৰেছম বিভাগৰ বিষয়া সন্থাই অসমৰ ৰেছম শিল্পৰ ভৱিষ্যতৰ কথা উপলব্ধি কৰি, বিষয়টোৰ গভীৰতা বুজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এক পত্ৰ প্ৰেৰণ কৰি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বানো জনাইছে। কিন্তু এই পৰ্যন্ত ৰেছম বিভাগৰ এই সম্পদ সুৰক্ষাৰ বাবে কোনো সুব্যৱস্থা বিভাগীয়ভাৱেই হওঁক অথবা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।
ফলত উদ্বিগ্ন হৈ পৰিছে বিভাগটোৰ অধিকাংশ কৰ্মচাৰী। তেওঁলোকে পুনৰবাৰে ৰেছম শিল্পৰ ভৱিষ্যতৰ স্বাৰ্থত হাফলঙৰ এই অধীক্ষকৰ কাৰ্যালয় আৰু ইয়াৰ ভূমি আদিৰ সুৰক্ষা শীঘ্ৰেই নিশ্চিত কৰিবলৈ আহ্বান জনাইছে।