ডিমা হাছাওৰ বাছ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত তিনি যাত্ৰী এছ এম চি এইচত চিকিৎসাধীন...

ডিমা হাছাওৰ বাছ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত তিনি যাত্ৰী এছ এম চি এইচত চিকিৎসাধীন...

author-image
Asomiya Pratidin
New Update
ডিমা হাছাওৰ বাছ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত তিনি যাত্ৰী এছ এম চি এইচত চিকিৎসাধীন...

ডিজিটেল সংবাদ, শিলচৰঃ  বুধবাৰে নিশা ডিমা হাছাও জিলাত দুৰ্ঘটনাগ্ৰস্ত হোৱা নৈশ বাছৰ যাত্ৰী সকলৰ গুৰুতৰ আহত তিনি গৰাকী যাত্ৰী সম্প্ৰতি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন হৈ আছে। দুৰ্ঘটনাত দেৱৰাজ দেৱবৰ্মন নামৰ এজন যাত্ৰীৰ থিতাতে মৃত্যু হোৱাৰ লগতে অন্য প্ৰায় ৩০ গৰাকী যাত্ৰী আহত হয়।

Advertisment

আহত সকলক স্থানীয় হাৰাংগাজাও হাস্পাতালত ভৰ্তি কৰাৰ বিপৰীতে গুৰুতৰ আহত তিনিজনক শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত সংকটজনক অৱস্থাত ভৰ্তি কৰা হয়।এছ এম চি হাস্পাতালত চিকিৎসাধীন যাত্ৰীসকলৰ অৱস্থা বিপদমুক্ত বুলি চিকিৎসকে সদৰী কৰিছে।

ইফালে, শিলচৰ কংগ্ৰেছৰ সভাপতি অভিজিত পাল আৰু লোকসভা নিৰ্বাচনৰ দলীয় প্ৰাৰ্থী সূৰ্যকান্ত সৰকাৰৰ নেতৃত্বত এটা প্ৰতিনিধি দলে হাস্পাতালয়লৈ গৈ চিকিৎসাধীন যাত্ৰী সকলৰ স্বাস্থ্যৰ বুজ লয়।

উল্লেখ্য যে এই বাছ খনত থকা  সৰহ সংখ্যক  যাত্ৰী ত্ৰিপুৰা চৰকাৰৰ ষ্টেট কো অপাৰেটিভ বেংকৰ মুঠ ১৩৬ টা পদৰ বাবে গুৱাহাটীত অনুষ্ঠিত পৰীক্ষা দিবলৈ অহা পৰীক্ষাৰ্থী আছিল। দুৰ্ঘটনাত অকালতে মৃত্যুবৰণ কৰা  দেৱৰাজ দেৱ বৰ্মনো আছিল এগৰাকী পৰীক্ষাৰ্থী।

ডিমা হাছাও