ডিমা হাছাওত হাতত কাঁহী লৈ হাজাৰ হাজাৰ বিজেপি কৰ্মীৰ বিক্ষোভ প্ৰদৰ্শন...

বহু দিনৰ পৰা বাকী থকা ঠিকা বিল পৰিশোধ, বিপিএলৰ ছাত্ৰ-ছাত্ৰীক জলপানি প্ৰদান আৰু ৰাজ্য চৰকাৰে নিশ্চিত কৰা হিতাধিকাৰী আঁচনিৰ ব্যৱস্থা শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰে দলীয় কৰ্মীসকলে।

author-image
Asomiya Pratidin
New Update
new ap web 2 (6)

ডিজিটেল সংবাদ,ডিমা হাছাওঃ   আজি হাজাৰ হাজাৰ বিজেপি কৰ্মীয়ে ডিমা হাছাও জিলাৰ আয়ুক্তৰ সন্মুখত ভাতৰ কাঁহী লৈ বিক্ষোভ প্ৰদৰ্শন কৰে। ধৰ্ণা কাৰ্যসূচীত যোগদান কৰে জলপানিৰ পৰা বঞ্চিত একাংশ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ লগতে বিল পৰিশোধৰ পৰা বঞ্চিত কেইবাগৰাকীও ঠিকাদাৰে।

Advertisment

প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱা বিজেপি কৰ্মী সকলে ১৫ জুলাইৰ পূৰ্বে ডিমা হাছাও পৰিষদৰ চিইএম দেৱলাল গাৰ্লোছাক পদত্যাগৰ দাবী জনায়। ইয়াৰোপৰি বহু দিনৰ পৰা বাকী থকা ঠিকা বিল পৰিশোধ, বিপিএলৰ ছাত্ৰ-ছাত্ৰীক জলপানি প্ৰদান আৰু ৰাজ্য চৰকাৰে নিশ্চিত কৰা হিতাধিকাৰী আঁচনিৰ ব্যৱস্থা শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰে দলীয় কৰ্মীসকলে।

মূলতঃ আজি প্ৰতিবাদকাৰী সকলে চিইএম দেৱ’লাল গৰ্লোছাৰ বিৰুদ্ধে একনায়কত্ববাদী শাসন আৰু আৰ্তজনক সুবিধা প্ৰদানৰ ক্ষেত্ৰত পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰি তৎকালীনভাৱে অপসাৰণ কৰাৰ দাবী জনায়।

দেৱলাল গাৰ্লোছা ডিমা হাছাও