/asomiyapratidin/media/media_files/2025/06/13/vWNihXHbpOY5R9pKCxMK.jpg)
ডিজিটেল ডেস্কঃ দেশদ্ৰোহী দিলজিৎ দোছাঞ্জ! ভাৰতত থাকি তেওঁ সহায় কৰে শত্ৰু ৰাষ্ট্ৰ পাকিস্তানক। পাকিস্তান প্ৰেমত মত্ত গ্লোবেল আইকনলৈ পৰিণত হোৱা ভাৰতীয় গায়ক তথা অভিনেতাগৰাকীৰ বিৰুদ্ধে এই ধৰণৰ অভিযোগেই শেহতীয়াকৈ উত্থাপিত হৈছে।
তেনে অভিযোগৰ অৱশ্যে কাৰণ নথকা নহয়। এনে অভিযোগ আৰু বিতৰ্কৰ মূল কাৰণ হৈছে তেওঁ নতুন চিনেমা ‘চৰ্দাৰজী-৩’ৰ বাবে। এই চিনেমাখনৰ বাবেই সমগ্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। তেওঁৰ নামৰ পিছত একাংশই লগাইছে দেশবিৰোধী উপাধি।
জানিব পৰা মতে বহু পূৰ্বেই এই ছবিখনৰ দৃশ্যগ্ৰহণ সম্পন্ন হৈ গৈছে।অহা ২৭ জুনত ছবিখন মুক্তি পোৱাৰ কথা। ছবিখনত দিলজিৎ দোছাঞ্জৰ উপৰিও অভিনয় কৰিছে কেইবাজনো পাকিস্তানী অভিনেতা-অভিনেত্ৰীয়ে। যাৰ ভিতৰত আছে পাকিস্তানৰ সমানেই ভাৰততো জনপ্ৰিয়তা অৰ্জন কৰা হানিয়া আমিৰ নামৰ অভিনেত্ৰীগৰাকী। তাৰোপৰি আছে নাছিৰ চিনোটি, ডেনিয়েল খোৱাৰ, চেলিম আলবাৰ।
কিন্তু ২২ এপ্ৰিলৰ পেহেলগাম আক্ৰমণ আৰু তাৰ পিছৰ অপাৰেচন সিন্দূৰে গোটেই পৰিবেশ, পৰিস্থিতি সলনি কৰিলে। ভাৰতত নিষিদ্ধ কৰা হৈছে এইসকল পাকিস্তানী অভিনেতা, অভিনেত্ৰীৰ সামাজিক মাধ্যমৰ একাউণ্টো।
তেনে পৰিস্থিতিত এতিয়া দিলজিৎৰ এই ছবিখন বিভিন্ন পক্ষৰ পৰা নিষিদ্ধ কৰাৰ দাবী উত্থাপন হৈছে। শুকুৰবাৰে ফেডাৰেচন অৱ ৱেষ্টাৰ্ণ ইণ্ডিয়া চিনে এম্প্লয়িজৰ সভাপতি বি এন তিৱাৰীয়ে দিলজিৎক গৰিহণা দিছে।
আনকি ভাৰতীয় মনোৰঞ্জন উদ্যোগত তেওঁক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ হুংকাৰো দিছে।বি এন তিৱাৰীয়ে কয়, "যদি দিলজিৎ দোছাঞ্জ বা আন কোনো শিল্পীয়ে এনে আচৰণ কৰে তেন্তে তেওঁলোকৰ ছবিৰ বিৰুদ্ধে নহয় তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
তেওঁ কয়, এই দেশত বিশ্বাসঘাতকৰ কোনো স্থান নাই। এই দেশৰ বিৰোধিতা কৰাসকলক মনোৰঞ্জন জগতখনে কোনো ধৰণে সমৰ্থন কৰিব নোৱাৰিব।"
দিলজিৎৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি তেওঁ আৰু কয়, "এই দেশত বহি আনক সহায় কৰিব সেয়া সহ্য কৰা নহ’ব। আমি এনে কেইবাটাও নাম পাইছো। দেশৰ কথা নাভাবিলে তেওঁলোকক মনোৰঞ্জনৰ জগতখনৰ পৰা বাহিৰ কৰি দিয়া হ'ব।"
মন কৰিবলগীয়া যে ২২ এপ্ৰিলৰ পেহেলগাম আক্ৰমণৰ পিছৰে পৰা ভাৰতত পাকিস্তানী শিল্পীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ফৱাদ খান আৰু বাণী কাপুৰৰ ছবি ‘আবীৰ গুলাল’ মুক্তিতো নিষেধাজ্ঞা জাৰি কৰা হৈছিল।