/asomiyapratidin/media/media_files/2025/08/06/new-ap-web-1-13-2025-08-06-17-41-12.jpg)
ডিজিটেল ডেস্কঃ এজন নিবনুৱা যুৱক। উপাৰ্জন বুলিবলৈ একো নাই। এই যুৱকজনে দুমাহ পূৰ্বে খুলিছিল এটা বেংক একাউণ্ট। ব্যৱহাৰ কৰিছিল ইউ পি আইয়ো। পিছে কোনো উপাৰ্জন নোহোৱাকৈয়ে তেওঁক এই এটা মাত্ৰ বেংক একাউণ্টেই হঠাতে কৰি তুলিলে আৰৱপতি!
তেওঁৰ বেংক একাউণ্টত ইমান বেছি ধন সোমাল যে, গোগলেও তাৰ সঠিক তথ্য দিব নোৱাৰিলে। ইমান বেছি অংকৰ ধন গণিব নোৱাৰিলে ওচৰ চুবুৰীয়াসকলেও। বহুতে ইমান বেছিও যে ধন একাউণ্টত সোমাব পাৰে সেয়া প্ৰথমবাৰৰ বাবেহে জানিলে।
ঘটনা উত্তৰ প্ৰদেশৰ। যোৱা ২ আগষ্টত দিলীপ সিং নামৰ যুৱকজনে বেংকৰ মোবাইল এপটো খুলি চালে। খুলি চায়েই তেওঁ যি দেখিলে তাৰ পিছত তেওঁৰ মুখৰ মাত হেৰুৱালে। ভয়তে তেওঁৰ ভৰি থৰথৰকৈ কঁপিব ধৰিলে।
তেওঁল দেখিলে দুমাহ পূৰ্বে খোলা বেংকৰ একাউণ্টটোত আছে ১০,০১,৩৫,৬০,০০,০০,০০,০০,০০,০১,০০,২৩,৫৬,০০,০০,০০,০০,২৯৯ টকা। ইয়াৰ পিছত দিলীপে মোবাইল এপটো কেইবাবাৰো অফ, অন কৰিলে।সলনি কৰিলে পাছৱৰ্ডো। তাৰ পিছতো একাউণ্টত দেখুওৱা ধনৰ পৰিমাণৰ কোনো সলনি নহ’ল।
৩৭ টা অংকৰ এই ধনৰ পৰিমাণ দৰাচলতে কিমান হ’ব সেয়া তেওঁ জানিবলৈ গুগলৰ সহায় ল’লে। কিন্তু তেওঁ কোনো সঠিক উত্তৰ নাপালে। চুবুৰীয়োকো দেখুৱালে। তেওঁলোকেও গণিব নোৱাৰিলে। লগে লগে গোটেই অঞ্চলটোত বিয়পি পৰিল খবৰ।
দিলীপৰ বেংক একাউণ্টৰ বেলেঞ্চৰ স্ক্ৰীণ শ্বট বিয়পি পৰিল সমগ্ৰ অঞ্চলটোত। দ্বাদশ উত্তীৰ্ণ হোৱাৰ পিছত কাম বিচাৰি থকা দিলীপৰ একাউণ্টত এইদৰে ধন সোমোৱা বিষয়টোৱে তেওঁক চিন্তিতও কৰিলে। সেয়ে সহায় বিচাৰিলে বেংকৰ।
দিলীপক বহুতেই প্ৰশ্ন কৰিলে আচলতে বেংকত কিমান ধন থাকিব লাগে? তেওঁ কাৰোবাক যদি ক’লে ১০ হাজাৰ, আন কাৰোবাক ক’লে ২০ হাজাৰ। এবাৰ তেওঁ পৰীক্ষা কৰিবলৈ একাউণ্টটোৰ পৰা ১০ হাজাৰ টকা ট্ৰেন্সফাৰ কৰিবলৈয়ো চেষ্টা কৰিলে। কিন্তু তেতিয়ালৈকে বেংকে তেওঁৰ একাউণ্ট ফ্ৰীজ কৰিলে।
পিছত কোটাক মহিন্দ্ৰা বেংকৰ এটা শাখালৈ গৈ দিলীপে সমগ্ৰ কথা বিৱৰি ক’লে। বেংকে দিলীপ ক’লে ভয়ৰ কোনো কাৰণ নাই, দৰাচলতে এয়া এক টেকনিকেল প্ৰবলেমহে। তেওঁৰ একাউণ্টত আৰৱৰ ঘৰত ধন সোমোৱা নাই।
বেংকে তেওঁৰ একাউণ্টৰ ষ্টেটমেন উলিয়াই দেখুৱাই বুজাই দিয়ে এই কথা। তাতেই দিলীপৰ আৰৱপতি হোৱাৰ সপোন হ’ল থানবান। শূন্য বেলেঞ্চৰ একাউণ্ট ষ্টেটমেন লৈ সি ঘূৰি আহিল বেংকৰ পৰা। তাৰ পিছতেই এতিয়া সমগ্ৰ উত্তৰ প্ৰদেশত এই কাহিনীক লৈ নানান কথা, নানান চৰ্চা।