/asomiyapratidin/media/media_files/2025/06/14/dc6KU6D6VXvgIS1H4VAB.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ গণশিল্পী দিলীপ শৰ্মাৰ জন্মশতবৰ্ষৰ উদযাপনৰ বছৰজোৰা কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠান গুৱাহাটী বিবেকানন্দ কেন্দ্ৰত বিপুল উৎসাহ উদ্দীপনাৰ মাজেৰে আজি অনুষ্ঠিত হয়।উদ্বোধন কৰি বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁয়ে তেওঁৰ ল'ৰালি কালৰ স্মৃতি সুঁৱৰি অসমীয়া আধুনিক গীতৰ বাটকটীয়া দিলীপ শৰ্মাই আগবঢ়োৱা বৰঙণিৰ চমু আভাষ দিয়ে ।
“গণনাট্য সংঘ আৰু গণশিল্পী দিলীপ শৰ্মা” শীৰ্ষক বক্তৃতা প্ৰদান কৰি গণনাট্য কৰ্মী তথা দিলীপ শৰ্মাৰ বহু অনুষ্ঠানৰ সহযোগী, বিশিষ্ট সঙ্গীত শিল্পী, কলকাতাৰ শুভ প্ৰসাদ নন্দী মজুমদাৰে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ পৰা জনগণৰ মুক্তিৰ সংগ্ৰামত ভাৰতীয় গণনাট্য সংঘৰ ঐতিহাসিক ভূমিকাৰ কথা উল্লেখ কৰি অসমত গণনাট্য সংঘৰ অতি বিশেষ খোপনি, অসমৰ বৈচিত্ৰ্যময় গণ সংস্কৃতিক বহিঃ বিশ্বৰ লগত চিনাকি কৰাই দিয়াত ভাৰতীয় গণনাট্য সংঘৰ গুৰুত্বপূৰ্ণ ভূমিকা ব্যাখ্যা কৰে।
অসমত এই আন্দোলনৰ গুৰি ধৰিছিল হেমাংগ বিশ্বাস, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, ভূপেন হাজৰিকাকে ধৰি আৰু বিভিন্নজনৰ সৈতে দিলীপ শৰ্মাই। অসমীয়া আধুনিক গীতৰ প্ৰথম অনাতাঁৰ অনুষ্ঠান কৰিছিল গণশিল্পী দিলীপ শৰ্মাই। আজিৰ সাংস্কৃতিক সংকটৰ সময়ত দিলীপ শৰ্মা জন্ম শতবাৰ্ষিকী উদযাপনৰ জৰিয়তে প্ৰগতিশীল সাংস্কৃতিক আন্দোলন পুনৰ উজ্জীৱিত কৰিবলৈ আগবাঢ়ি আহিবলৈ সকলোলৈ আহ্বান জনায় বক্তা মজুমদাৰে।
বক্তৃতানুষ্ঠানৰ পাছত এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছিল৷ উক্ত সাংস্কৃতিক অনুষ্ঠানত গণশিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰি সঙ্গীত আৰু নৃত্য পৰিৱেশন কৰে যথাক্ৰমে ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী শাখা, জয়জয়ন্তী কলাকেন্দ্ৰ, মিতালী কলা কেন্দ্ৰ, জাগৰণ, জনমতৰ শিল্পীবৃন্দ, শুভপ্ৰসাদ নন্দী মজুমদাৰ, ঘন ডেকা, অপৰাজিতা চৌধুৰী, পৰজ কলিতা প্ৰমুখ্যে শিল্পীবৃন্দই৷ অনুষ্ঠানত আঁত ধৰিছিল বিশিষ্ট নাট পৰিচালক নয়ন প্ৰসাদে।