/asomiyapratidin/media/media_files/2025/07/11/dilip-saikia-11-2025-07-11-07-46-33.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ 'ABMSU ক এবাৰ পিটিকি দিলেই গোটেইসকল মৰি যাব, কিন্তু আমি কাকো মাৰিব খোজা নাই ।'- এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ।
বৃহস্পতিবাৰে গধূলি মঙলদৈত শেহতীয়াকৈ অসমীয়া ভাষা সন্দৰ্ভত ABMSU ৰ এগৰাকী নেতাই কৰা মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে এইদৰে কয়। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মন্তব্য কৰে যে, আমাৰ ইয়াত থাকিলে সহৱস্থান কৰক।
তেওঁ কয়, ABMSU ৰ নেতাৰ ধমকে জাতিটোক কেতিয়াও দুৰ্বল কৰিব নোৱাৰে। বৰং জাতিটোক সৱল কৰাৰ এপাত অস্ত্ৰ আমাৰ হাতত দিছে। সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে চলোৱা উচ্ছেদৰ বাবে তেওঁলোকে আৱেগিক হৈ এই মন্তব্য কৰিছে। এই ক্ষেত্ৰত সাৰ পানী যোগাইছে অখিল গগৈ আৰু কংগ্ৰেছৰ বহু নেতাই ।
সভাপতি শইকীয়াই আৰু কয়, সন্দেহ জনক লোকসকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলি থাকিব। একাংশই যেনে অখিল গগৈ, ৰকিবুল হুছেইন সাৰ পানী দিছে। তাৰোপৰি আমাৰ অসমীয়া ভাষা কোনেও মাৰিব নোৱাৰে বুলিও কয় সাংসদ দিলীপ শইকীয়াই।