/asomiyapratidin/media/media_files/2025/04/20/2Q5AjhkWuUy3cCcTjIY9.jpg)
ডিজিটেল সংবাদ,শিলচৰ: দেওবাৰে কাছাৰৰ ধলাইত বিজেপিৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকে দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া। বৰাকত বিজেপিক উচ্চ প্ৰশংসা কৰা লগতে সেই সময়ৰ বৰাক বিজেপিৰ কাৰ্যকৰ্তা আৰু নেতৃত্বক শিৰণত কৰি শ্ৰদ্ধা জ্ঞাপন কৰে দিলীপ শইকীয়াই।
সভাত উপস্থিত থাকি তেওঁ কয় যে, অসমত বিজেপিৰ উত্থানৰ মুলতে বৰাক বিজেপিৰ অৱদান। আজি অসমত বিজেপিৰ যি উত্তৰণ ঘটিছে তথা শক্তি আৰু সাহস যোগাবলৈ সক্ষম হৈছে, সেই অঞ্চলটোৱেই হৈছে বৰাক উপত্যকা। বৰাক উপত্যকাৰ পৰাই বিজেপিয়ে ৰাজনৈতিক সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল।
তেওঁ লগতে কয়, বৰাক বিজেপিৰ অৱদানৰ বাবেই আজি অসমত বিজেপিৰ অভুতপূৰ্ব উত্তৰণ ঘটিছে। অসমৰ অন্য অঞ্চলত বিজেপিৰ অস্তিত্ব নোহোৱা সময়ত ১৯৯১ চনত বৰাকৰ পৰা ৯ গৰাকী বিধায়ক আৰু ২ গৰাকী সাংসদক নিৰ্বাচিত কৰি প্ৰথম বাৰৰ বাবে বিজেপিয়ে অসমত সফলতা দেখিবলৈ সক্ষম হৈছে।