কাহানিও নিৰ্বাচনত অংশ ল'ব নোৱাৰাকৈ অখিল গগৈৰ বিৰুদ্ধে অভিযোগ দিয়া হৈছেঃ দিলীপ শইকীয়া

দৰং জিলা পৰিষদ বিজেপি মিত্ৰজোঁটৰ দখলত থকাটো সুনিশ্চিত হৈছে যদিও অভিলেখ কৰিবৰ বাবেহে চেষ্টা কৰি থকা হৈছে বুলি মঙলদৈ প্ৰচাৰ সভাত মন্তব্য সাংসদ দিলীপ শইকীয়াৰ...

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
cxc

ডিজিটেল সংবাদ,মঙলদৈ:  "ফুলনী মানে বাগিছা, বাগিছা মানে ফুলনী।বিজেপি মানে এজিপি,পদুম মানে হাতী"- এই শ্লোগানেৰে দৰঙত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলালে সংসদ তথা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই।সোমবাৰে গধুলি মঙলদৈৰ উপহুপাৰা দুৰ্গা মন্দিৰ প্ৰাংগনত মঙলদৈ বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈ নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই।

Advertisment

প্ৰচাৰ অনুষ্ঠানত তেওঁ কয় যে, দৰং জিলা পৰিষদ বিজেপি মিত্ৰজোঁটৰ দখলত থকাটো সুনিশ্চিত হৈছে যদিও অভিলেখ কৰিবৰ বাবেহে চেষ্টা কৰি থকা হৈছে। চিৰ জীৱনৰ কাৰণে নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰাকৈ অখিল গগৈৰ ওপৰত নিৰ্বাচন আয়োগক অভিযোগ দিয়া হৈছে, কিয়নো অখিল গগৈয়ে উগ্ৰ সাম্প্ৰদায়িকতাৰ সকলো সীমা অতিক্ৰম কৰি নিৰ্বাচনী প্ৰচাৰ চলাই আছে।

লগতে তেওঁ কয়, অখিল গগৈ কাৰ দ্বাৰা পৰিচালিত তাক লৈও সন্দেহ হৈছে, সেয়েহে অচিৰেই অখিল গগৈৰ ওপৰত এক উচ্চ স্তৰৰ তদন্তৰ প্ৰয়োজন আছে। সমান্তৰালকৈ কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ ওপৰত মন্তব্য কৰি সভাপতি শইকীয়াই কয় যে,গৌৰৱ গগৈয়ে সঠিক উত্তৰ দিয়ক তেওঁ পাকিস্তান যোৱাটো হয় নে নহয়?

তেওঁ আৰু কয়, পাকিস্তানত থকা ১৫টা দিন গৌৰৱ গগৈয়ে কি কৰিছিল? নামাজ পঢ়িবলৈ শিকিলে, কোৰান পঢ়িলে নে, সন্ত্ৰাসবাদী লগত কিবা কৰিলে? তেওঁৰ পৰিবাৰে ভাৰতীয় নাগৰিকত্ব কিয় লোৱা নাই, ল'ৰা ছোৱালী দুগৰাকীয়ে কৰ নাগৰিকত্ব লৈছে অসমৰ জনসাধাৰণে জানিব বিচাৰিছে।

উল্লখ্য যে,  নিৰ্বাচনী সভাখনত মঙলদৈ বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সকল, জিলা বিজেপিৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী,এজিপিৰ নেতাকৰ্মীৰ লগতে সহাস্ৰধিক লোক উপস্থিত থাকে।

সাংসদ দিলীপ শইকীয়া