/asomiyapratidin/media/media_files/2025/04/22/5csopbFoYaTdicx2LWIZ.jpg)
ডিজিটেল সংবাদ,ঘিলাধাৰী: চৌদিশে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ ৷ ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ মনোনীত প্ৰাৰ্থী সকলে এতিয়া চলাইছে মাৰাথান প্ৰচাৰ ৷ ইয়াৰ মাজতে গোলাঘাটৰ কেইবাঠাইত নিৰ্বাচন প্ৰচাৰ চলাবলৈ আহি সন্ধিয়া প্ৰতিকূল বতৰৰ মাজতে গোলাঘাটৰ ঐতিহাসিক শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰত উপস্থিত হয় ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়া।
নামঘৰত উপস্থিত হৈ চাকি-ধূপ,শৰাই-নৈবদ্য আগবঢ়াই মহাপ্ৰভুৰ সেৱা লয় দিলীপ শইকীয়াই ৷ সভাপতি জনৰ সংগ প্ৰদান কৰে বিত্তমন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী নন্দিতা গাৰ্লোছা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাচাই ৷ পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত সোধা প্ৰশ্নত সভাপতি গৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ৷