বিশালে দিয়া নাই, মই লোণৰ টকাৰে লৈছো ফৰছুনাৰঃ দীক্ষু...

বিশালে দিয়া নাই, মই লোণৰ টকাৰে লৈছো ফৰছুনাৰঃ দীক্ষু...
Published on
Updated on

ডিজিটেল ডেস্কঃ পলাতক চুমী-তাৰ্কিকক আশ্ৰয় দি শেহতীয়াকৈ ট্ৰেডিঙৰ নামত লুন্ঠনৰাজত আওপকীয়াকৈ নাম সাঙুৰ খোৱা কন্ঠশিল্পী দীক্ষু শৰ্মাই সামাজিক মাধ্যমযোগে পুনৰ নিজৰ স্থিতি স্পষ্ট কৰিলে। কন্ঠশিল্পীগৰাকীয়ে কয় যে, মোৰ সম্পৰ্কে যিখিনি কথা ওলাই আছে, এই কথাবোৰত মই মানসিকভাৱে বহুত কষ্ট পাইছোঁ আৰু আচলতে দুৰ্বল হৈ গৈছোঁ। মই ৰাইজলৈ বিনম্ৰভাৱে এইটোৱে অনুৰোধ কৰিব খুজিছোঁ যোৱা ২০টা বছৰে আপোনালোকে যেনেকৈ মোক মৰম আৰু বিশ্বাস কৰিছে, সেই বিশ্বাস আৰু মৰমখিনি যাতে আপোনালোকে মোৰ ওপৰত সদায় ৰাখে।

এক ভিডিঅ বাৰ্তাযোগে কন্ঠশিল্পীগৰাকীয়ে লগতে কয় যে, মই আগতেও কেতিয়াও বেআইনী কাম কৰা নাছিলোঁ, এতিয়াও কৰা নাই আৰু ভৱিষ্যতেও নকৰো। এই বিশ্বাস মোৰ ওপৰত ৰাখক। আৰু এটা কথা ওলাই আছে যে মই গাড়ী বা সম্পত্তি উপহাৰ পাইছোঁ, আচলতে সেয়া নহয়। মোৰ যৎসামান্য শক্তিৰে যিখিনি আৰ্জন কৰোঁ, সেইখিনিৰেই মই গাড়ী বা মই থকা ঘৰটো ক্ৰয় কৰিছোঁ। সেয়াও লোন লৈহে ক্ৰয় কৰিছোঁ। সেই লোন এতিয়াও চলি আছে। গতিকে এইখিনি বিশ্বাস ৰাখক। বেলেগ কথাত বিশ্বাস নকৰিব। সেয়াই মোৰ অনুৰোধ।

কন্ঠশিল্পীগৰাকীৰ এই স্পষ্টীকৰণ পাছতে এতিয়া পুনৰ সামাজিক মাধ্যমত নেটিজেন সকলে অন্য এটা প্ৰসংগ পোহৰলৈ আনিছে। চুমী আৰু বিশালৰ গাড়ীৰ নম্বৰপ্লেটৰ সৈতে বিশেষ সাদৃশ্য আছে দীক্ষুৰ ফৰছুনাৰ বাহনখন। চুমীৰ এখন মহিন্দ্ৰা এক্স ইউ ভি বাহন আছে। বাহনখনৰ নম্বৰ ASO1FW0006। ঠিক তেনেদৰে বিশালৰ এখন কিয়া চেলটছ বাহনৰ নম্বৰ হৈছে AS06AL0006। দীক্ষু শৰ্মাই ক্ৰয় কৰা এই ফৰছুনাৰ বাহনখনৰ নম্বৰ হৈছে AS01FR0007। অৱশ্যে সেয়া যি কি নহলেও, দীক্ষু শৰ্মাই উক্ত বাহনখন ক্ৰয় কৰাৰ দিনা দীক্ষুৰ সৈতে তেওঁৰ পত্নীৰ সৈতে আছিল বিশাল আৰু চুমি। এনে কেতবোৰ ফটো ভাইৰেল হোৱাৰ পাছতে চৰ্চা হৈছিল যে দীক্ষুৰ ফৰছুনাৰ বাহনখন বিশালেই উপহাৰ দিছিল।

আমি লাভ কৰা তথ্য অনুসৰি, দীক্ষুৰ ফৰছুনাৰ বাহনখনৰ ইনচুৰেন্স কৰা হৈছিল এছ বি আইৰ জৰিয়তে। ২০২৩ৰ আগষ্ট মাহত ক্ৰয় কৰা বাহনখন ডিজেল চালিত ফৰছুনাৰ। দীক্ষু শৰ্মাক লৈ এনে কেতবোৰ বিৰ্তক অব্যাহত থকাৰ মাজতে শনিবাৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। ইফালে এই সমগ্ৰ ঘটনাৰ তদন্ত চি আই ডিক অৰ্পন কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in