/asomiyapratidin/media/media_files/2025/02/15/slChOxoLaQzjTQEl6M16.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ বাপতিসাহোন বিহুৰ নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাৰ পিচত এইবাৰ আদিবাসী চাহ জনগোষ্ঠীয় ঝুমুৰ নৃত্যক বিশ্বদৰবাৰত স্থান দখল কৰি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰিবলৈ প্ৰচেষ্টা চলাইছে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে৷এই উদ্দেশ্যে সমষ্টিভিত্তিত আয়োজিত ঝুমুৰ গীত নৃত্যৰ প্ৰশিক্ষণ কৰ্মশালা সমূহৰ আজি সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় নদুৱাৰ সমষ্টিৰ অন্তৰ্গত দিকৰাই চাহবাগিছাৰ খেলপথাৰত ৷
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত “ঝুমুৰ বিনন্দিনী” শীৰ্ষক কাৰ্য্যসূচীৰ অধীনত নদুৱাৰ আটছা আৰু আদিবাসী ছাত্ৰ সন্থাৰ বিশেষ তৎপৰতাত আয়োজিত ঝুমুৰ প্ৰশিক্ষণ কৰ্মশালা সমূহৰ আজিৰ সামৰণি অনুষ্ঠানটিত নদুৱাৰ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১৫০ ৰো অধিক চাহজনগোষ্ঠীয় যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে।
ঝুমুৰ গীত নৃত্যৰ প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি অনুষ্ঠানটিত মাদলৰ তালে তালে নাচিবাগি ঝুমুৰ গীত-নৃত্য পৰিবেশন কৰি সকলোকে আপ্লুত কৰে ৷ এই “ঝুমুৰ বিনন্দিনী” ৰ সামৰণি অনুষ্ঠানটিৰ মূখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই চাহ জনগোষ্ঠীয় যুৱক যুৱতী সকলক সৰ্ব্বাংগ সুন্দৰ ৰূপত ঝুমুৰ গীত নৃত্য পৰিবেশন কৰি সফলতা অৰ্জন কৰাৰ হেতু উৎসাহ অনুপ্ৰেৰণা যোগায় ৷
বিধায়ক গৰাকীয়ে নিজেও ঝুমুৰ দল সমূহৰ লগত মাদলৰ তালে তালে নাচিবাগি আত্মহাৰা হৈ পৰা পৰিলক্ষিত হয় ৷ সমৰণি অনুষ্ঠানটিত অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকলৰ লগতে যুৱ লেখক সাহিত্যিক তথা প্ৰাক্তন সাংবাদিক লক্ষীকান্ত বৰাৰ লগতে বহুকেইগকী গণ্য মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷