ডিজিটেল সংবাদ, শিৱসাগৰঃ দিখৌ নদীৰ প্ৰথমটো বানতে ধবংসৰ মুখলৈ গতি কৰিছে ১৮ কোটি টকা ব্যয় সাপেক্ষে শিৱসাগৰত নিৰ্মাণ কৰি থকা চিৰিপুৰীয়া দলং ৷ আজি পুৱতি নিশাৰে পৰা দিখৌ নদীৰ জলপৃষ্ঠ হঠাৎ ওফন্দি উঠাৰ সময়তে এই দলংখনৰ গাৰ্ডাৰ সহিতে চাটাৰিঙৰ বাঁহ কাঠ উটি যায় ৷
উল্লেখ্য যে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে যোৱা ডিচেম্বৰ মাহতেই লোক নিৰ্মাণ বিভাগৰ শিৱসাগৰ কাৰ্যালয়ৰ কাৰ্যবাহী অভিযন্তা আৰু সহকাৰী কাৰ্যবাহী অভিযন্তাৰ লগতে ঠিকাদাৰে প্ৰতিষ্ঠানক দলঙখনৰ নিৰ্মাণত হেমাহি নকৰিবলৈ কঠোৰ ভাৱে সকীয়াই দিছিল ৷ যিহেতু শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ অঞ্চলৰ চিৰিপুৰীয়া ঘাটৰ দিখৌ নদীৰ ওপৰত নিৰ্মাণৰত ১৮ কোটিটকীয়া পকী দলংৰ কাম শামুকীয়া গতিৰে আগবাঢ়িল ৷ বিধায়ক অখিল গগৈয়ে অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰীয়ে ৰাজনৈতিক বিবেচনাৰে অনুপযুক্ত ঠিকাদাৰক ঠিকা কাম দিয়াৰ বাবে দলংখনৰ নিৰ্মাণ কাৰ্য মন্হৰ হোৱা বুলি অভিযোগ কৰিছিল ৷
১৮ কোটি টকীয়া এই দলংখনৰ নিৰ্মাণ কাৰ্য্যত ঠিকাদাৰী প্ৰতিষ্ঠান ত্ৰিশূল কনষ্ট্ৰাকশ্বনে ৫/৬ জন শ্ৰমিককহে কামত লগাইছিল ৷ বিধায়ক অখিল গগৈয়ে তাৰ পূৰ্বেও উক্ত অঞ্চলত উপস্থিত হৈ দলংখন নিৰ্দিষ্ট সময়ৰ আগত সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰক নিৰ্দেশ দিছিল। ইমান এখন ডাঙৰ দলং নিৰ্মাণৰ বাবে যি আন্তঃগাথঁনিৰ প্ৰয়োজন তেনে আন্তঃগাথঁনিৰ তিলমানো নাই। ১৮ কোটিটকীয়া পকী দলংখন দৈনিক মাত্ৰ ৫-৬ জন শ্ৰমিকৰ সহায়ত ঠিকাদাৰে অতি লেহেমীয়া গতিত কাম কৰি আছে।
ত্ৰিশূল এচ’ছিয়েটছৰ স্বত্বাধিকাৰী তথা এই দলংখনৰ ঠিকাদাৰ ৰুহীতাশ চাহুক ক্ষীপ্ৰ গতিৰে দলং নিৰ্মাণৰ কাম আগুৱাই নিবলৈ পূৰ্বেও সকিয়নি প্ৰদান কৰা হৈছিল যদিও পুঁজিপতি ঠিকাদাৰে বিধায়ক তথা ৰাইজৰ নিৰ্বাচিত প্ৰতিনিধি গৰাকীৰ কথাত তিলমানো গুৰুত্ব নিদি মইমতালীৰে কাম কৰিছিল । চলিত বৰ্ষাৰ অৰ্থাৎ ২০২৪ চনৰ মাৰ্চ মাহৰ ভিতৰত এই দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰিলে এই ক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি অখিল গগৈয়ে আজি শেষ সকিয়নি প্ৰদান কৰিছিল ৷ লোক নিৰ্মাণ বিভাগৰ শিৱসাগৰৰ কাৰ্যবাহী অভিযন্তাই বাৰিষাৰ পূৰ্বেই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পন্ন হ’ব বুলি যোৱা ডিচেম্বৰ মাহত আশ্বাস প্ৰদান কৰিছিল যদিও বাস্তৱত আজি পৰ্যন্ত ৫০ শতাংশ কামো সম্পূৰ্ণ নহ’ল ৷
যাৰ বাবে দিখৌৰ প্ৰথমটো বানতেই ১৮ কোটি টকীয়া দলংখনৰ গাৰ্ডাৰ সহিতে চাটাৰিঙৰ বাঁহ কাঠ উটি গ’ল ৷ এনে পৰিস্থিতিৰ পিছত অৰ্দ্ধ নিৰ্মিত দলংখন অক্ষত অৱস্থাত থাকিবনে নাই তাকলৈ প্ৰশ্ন উঠিছে ৷ সম্প্ৰতি বহু কাঠ দলঙৰ ৰছীত ওলমি থকা পৰিলক্ষিত হৈছে ৷ এই ঘটনাক কেন্দ্ৰ কৰি জনসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে