Advertisment

হাওৰাঘাট তিনিআলি আঞ্চলিক আবৌফৰ প্ৰাক্তন সভানেত্ৰী ডিকামাই ব্ৰহ্মৰ বিয়োগ...

কাৰ্বি আংলং জিলাৰ হাওৰাঘাট তিনিআলি আঞ্চলিক আবৌফৰ প্ৰাক্তন সভানেত্ৰী তথা হাওৰাঘাট অঞ্চলৰ দক্ষিণ দীঘলীপাৰ গাঁৱৰ সমাজসেৱিকা ডিকামাই ব্ৰহ্মৰ বিয়োগ ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট তিনিআলি আঞ্চলিক আবৌফৰ প্ৰাক্তন সভানেত্ৰী তথা হাওৰাঘাট অঞ্চলৰ দক্ষিণ দীঘলীপাৰ গাঁৱৰ সমাজসেৱিকা ডিকামাই ব্ৰহ্মৰ বিয়োগ । ৭৮ বছৰ বয়সত ৰোগাক্ৰান্ত হৈ সোমবাৰে পুৱা ৭.৪৫ বজাত নিজৰ বাসগৃহত  শেষ নিশ্বাস ত্যাগ কৰে ব্ৰহ্মই ।

Advertisment

তেওঁৰ মৃত্যুত হাওৰাঘাট তিনিআলি আঞ্চলিক কছাৰী সমাজৰ সম্পাদক বীৰেন স্বৰ্গীয়াৰী,  কাৰ্বি আংলং জিলা আবৌফৰ সহকাৰী সম্পাদিকা সুখুশ্ৰী দৈমাৰী, হাওৰাঘাট তিনি আঞ্চলিক আবৌফৰ সম্পাদিকা প্ৰভাৱতী বসুমতাৰী, প্ৰাক্তন সম্পাদিকা তুলসী ৱাৰী, সদস্য প্ৰমিলা ফখ্ৰাৰী, চৰকাৰী গাঁওবুঢ়া ধ্ৰুৱ ব্ৰহ্ম, সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰী, আচাৰ্য উপাস্য ব্ৰহ্ম,  পুৰোহিত বাসুদেৱ ব্ৰহ্ম,  ব্ৰহ্ম সমাজৰ প্ৰাক্তন সভাপতি অশ্বিনী বসুমতাৰীয়ে মৃতকৰ বাসগৃহত উপস্থিত থাকি শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে ।

মৃত্যুৰ সময়ত তেওঁ বহু আত্মীয়-স্বজনক এৰি থৈ যায় । তেওঁৰ মৃত্যুত অঞ্চলটোত এক গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে ।

হাওৰাঘাট