/asomiyapratidin/media/media_files/2025/01/16/6yFwNwVuJTKeXBvrPuDN.jpg)
ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ ভিতৰতে ভাৰত জিডিপিৰ হিচাপত চতুৰ্থ বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ব। বিশ্বজনীন বিভিন্ন প্ৰত্যাহ্বানৰ মাজতো ভাৰতৰ অৰ্থনীতি যথেষ্ট স্থিতিস্থাপক হৈয়েই আছে। যাৰ ফলত অৰ্থনৈতিক ক্ষেত্ৰত বিশ্বত এক নতুন শক্তি হিচাপে ঠিয় দিছে ভাৰত ।
ভাৰতৰ নাটকীয় ডিজিটেল ৰূপান্তৰে ডিজিটেল আন্তঃগাঁথনিৰ জৰিয়তে লাখ লাখ লোকক শক্তিশালী কৰিছে । এই বিপ্লৱে অৰ্থনৈতিক বিকাশৰ আধাৰ কিন্তু ২০৪৭ চনৰ ভিতৰত ৩০ ট্ৰিলিয়ন ডলাৰৰ ‘বিক্ষিত ভাৰত’ দৃষ্টিভংগী লাভ কৰিবলৈ গতিবেগ ত্বৰান্বিত কৰাৰ প্ৰয়োজন।
ভাৰতত বৰ্তমান ১৫-৬৪ বছৰৰ ভিতৰত ৬৫ শতাংশতকৈ অধিক লোক বসবাস কৰে । ইয়াৰে ভিতৰত যুৱচামে ২০৩০ চনৰ ভিতৰত কৰ্মশক্তি হিচাপে চিহ্নিত হ’ব ।
স্কিল ইণ্ডিয়া মিছনৰ দৰে কেইবাটাও চৰকাৰী পদক্ষেপৰ উপৰিও দক্ষতা বিকাশৰ ক্ষেত্ৰত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বই পৰ্যটনৰ দৰে শ্ৰম খণ্ডৰ বৃদ্ধি ত্বৰান্বিত কৰিব পাৰে । ইয়াৰ উদাহৰণ হ’ল এন এছ ডি চিৰ পৰ্যটন আৰু আতিথ্য দক্ষতা পৰিষদৰ সৈতে থকা চৰকাৰৰ অংশীদাৰিত্ব । ১০খন ৰাজ্যৰ ২০,০০০ ভাৰতীয় যুৱক-যুৱতীক পৰ্যটনৰ ক্ষেত্ৰত দক্ষতা বৃদ্ধি কৰি নিয়োগ, সেৱাৰ মানদণ্ড আৰু পৰ্যটকৰ অভিজ্ঞতা বৃদ্ধি কৰে।
ইয়াৰ লগতে ২০৩৫ চনৰ ভিতৰত এআইয়ে ভাৰতৰ জিডিপিত ৯৬৭ বিলিয়ন ডলাৰ যোগ কৰাৰ আশা কৰা হৈছে। বিশ্বৰ এআই প্ৰতিভাৰ দিশত ১৬ শতাংশ ভাৰতত বাস কৰে ।যাৰ ফলত উল্লেখযোগ্য অৰ্থনৈতিক বৃদ্ধিৰ বাবে এআইক ব্যৱহাৰ কৰিবলৈ সাজু আছে ভাৰত ।
চৰকাৰৰ নগদবিহীন লেনদেন আৰু ইউপিআইৰ অসাধাৰণ প্ৰভাৱৰ ফলত ভাৰত ডিজিটেল পেমেণ্টৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে পৰিগণিত হৈছে। বিত্তীয় বৰ্ষ ২০২৯ৰ ভিতৰত দেশত ডিজিটেল লেনদেন তিনিগুণ বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট ।