/asomiyapratidin/media/media_files/2025/01/18/lUjwX5gQUfGv9coQxUns.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ১৯৮২ চনতে নগাঁও চহৰত প্ৰতিষ্ঠা লাভ কৰা নগাঁও চৰকাৰী আৰবান হাইস্কুলৰ প্ৰাক্তন সতীৰ্থ মিলন সমাৰোহৰ উদ্যোগত শনিবাৰে এখনি প্ৰাইজমানি ডিজিটেল কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। তদুপলক্ষে আজি পুৱা বিদ্যালয়ৰ চোতালত পতাকা উত্তোলন কৰে প্ৰাক্তন সতীৰ্থ মিলন সমাৰোহৰ সভাপতি ড০ ৰূপক কুমাৰ নাথে।
গছপুলি ৰোপণ কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি পল্লৱ চন্দ্ৰ গোস্বামীয়ে। পাছত স্বৰ্গীয় বলেন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী সভাগৃহত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এখনি ডিজিটেল কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। নগাঁৱৰ ইতিহাস, জ্ঞান বিজ্ঞান, সাধাৰণ জ্ঞান, কলা আৰু সংস্কৃতি আদি বিষয় সামৰি অনুষ্ঠিত আকৰ্ষণীয় কুইজ প্ৰতিযোগিতা খনি পৰিচালনা কৰে সাদিন প্ৰতিদিন গোষ্ঠীৰ সাংবাদিক তথা জনপ্ৰিয় কুইজ মাষ্টাৰ দিব্যজ্যোতি বৰুৱাই আৰু সহযোগ কৰে আছিম আহমেদ হাজৰিকাই।
বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাজেন শইকীয়াকে প্ৰমুখ্য কৰি শিক্ষক-শিক্ষয়িত্ৰী সকল, প্ৰাক্তন সতীৰ্থ মিলন সমাৰোহৰ সম্পাদক দ্বয় ছাবিৰ খান, নৱজ্যোতি বৰাৰ লগতে দিব্যজ্যোতি বৰকাকতী, মুন চৌধুৰী, মোহন দাস নাইডু, মিন্টু শইকীয়া, মিতালী বিশ্বাস, বিকি দত্ত, দীপেন শইকীয়াকে আদি কৰি সদস্যবৃন্দ, ছাত্ৰ-ছাত্ৰী, অতিথিসহ পাঁচ শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিৰ শেষত কুইজ প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ দল সমূহক নগদ ধন, মানপত্ৰ, ট্ৰফীৰে পুৰস্কৃত কৰা হয়।