ডিজিটেল ডেস্কঃ অচিৰেই দেশত আহি আছে এটা নতুন নিয়ম তথা এখন নতুন আইন। সকলো ঠিকে ঠাকে থাকিলে মাৰ্চ মাহৰ ভিতৰতে প্ৰযোজ্য হ'ব এই নতুন আইনখন। এই আইনখন প্ৰযোজ্য হোৱাৰ পাছতে দেশত ডিজিটেল মাধ্যমত আমূল পৰিৱৰ্তন আহিব।
ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, এতিয়াৰে পৰা ১৮বছৰৰ তলৰ যিকোনো কিশোৰ বা শিশুৱে সামাজিক মাধ্যমৰ যিকোনো শাখা যেনে, ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰত একাউন্ট খুলিবলৈ লব লাগিব অভিভাৱকৰ অনুমতি।
ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকশ্যন, ২০২৩ৰ অধীনত এই আইন প্ৰযোজ্যৰ বাবে যো জা কৰিছে চৰকাৰে। ইয়াৰ বাবে বিশেষজ্ঞ কমিটি গঠন কৰি পৰামৰ্শ বিচৰা হৈছে। চলিত বৰ্ষৰ ১৮ফেব্ৰুৱাৰীৰ ভিতৰত পৰামৰ্শ কমিটিয়ে নিজ নিজ মতৰ প্ৰতিবেদন দাখিল কৰিব চৰকাৰক।
প্ৰতিবেদন দাখিলৰ পিছতে এই আইনক লৈ সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰে। শেহতীয়াকৈ ডিজিটেল তথা সামাজিক মাধ্যমক শিশু তথা কিশোৰক লৈ সৃষ্টি হোৱা বিভিন্ন অপৰাধজনিত সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই আইনখন প্ৰযোজ্য কৰিবলৈ বিশেষ গুৰুত্ব প্ৰদান কৰিছে।
আনফালে এই বিশেষ সিদ্ধান্তক লৈ জনমত গঠনৰো পোষকতা কৰিছে চৰকাৰে। ইয়াৰ বাবে mygov.inজৰিয়তে জনতাৰ পৰা মত লৈছে চৰকাৰে। এই সকলোবোৰ দিশ পৰ্যালোচনা কৰাৰ পাছতে ১৮ফেব্ৰুৱাৰীৰ পাছত চূড়ান্ত সিদ্ধান্ত লব কেন্দ্ৰই।