ডিজিটেল ডেস্কঃ দেশৰ পেঞ্চনাৰসকলৰ ডিজিটেল সবলীকৰণৰ লগতে সকলো তথ্য আপডেট কৰাৰ উদ্দেশ্যেৰে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা ডিজিটেল লাইফ চাৰ্টিফিকেট অভিযান ৩.০এ অভূৰ্তপূৰ্ব সহাঁৰি লাভ কৰিছে। ১নৱেম্বৰৰ পৰা ৩০নৱেম্বৰৰ লৈকে চলিবলগীয়া এই অভিযানত এতিয়ালৈকে ১কোটিৰো অধিক লোকে অংশ লৈছে।
কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে সদৰি কৰা অনুসৰি, ভাৰতৰ প্ৰায় ৮০০চহৰ আৰু গ্ৰামাঞ্চলত অনুষ্ঠিত হৈছে এই অভিযান। এই অভিযানে বয়োজ্যষ্ঠ লোকসকলে পেঞ্চনৰ লগতে অন্যান্য বিভিন্ন সা-সুবিধা লাভ কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায় কৰিব বুলি সদৰি কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। এই অভিযানৰ কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন কী বাতটো উল্লেখ কৰিছিল।
এই ডিজিটেল লাইফ চাৰ্টিফিকেট লাভ কৰা ব়ৃদ্ধসকলৰ বাবে বহুবোৰ কাম সহজ হৈ পৰিব। উদাহৰণস্বৰূপে চৰকাৰী পেঞ্চনৰ দৰে কামৰ বাবে বেংকত লাইন পাতিব লগা নহয় এনে চাৰ্টিফিকেট থাকিলে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সদৰি কৰা অনুসৰি, বিগত দিনকেইটাত পঞ্জীয়ন কৰা প্ৰায় ২লাখৰো অধিক লোকৰ বয়স ৮০ৰ উৰ্ধৰ।
কেন্দ্ৰীয় মন্ত্ৰী সিঙে লগতে কয় যে, এই কৃতিত্ব ভাৰত চৰকাৰে প্ৰতিজন পেঞ্চনাৰৰ সুবিধাৰ্থে ডিজিটেল সঁজুলিৰ ব্যৱহাৰৰ অদম্য দায়বদ্ধতাৰ প্ৰমাণ।