আহি আছে ডিজিটেল ড্ৰাইভিং লাইচেন্স

আহি আছে ডিজিটেল ড্ৰাইভিং লাইচেন্স

author-image
asomiyapratidin
New Update
আহি আছে ডিজিটেল ড্ৰাইভিং লাইচেন্স

ডিজিটেল ডেস্কঃ মোডীৰ ডিজিটেল ইণ্ডিয়া সাৰ্থক কৰা দিশত আন এক খোজ। এতিয়াৰে পৰা ড্ৰাইভিং কৰি থাকোতে পথত ট্ৰেফিক আৰক্ষীক দেখাব নালাগে প্ৰকৃত ড্ৰাইভিং লাইচেঞ্চ আৰু আৰ চি।

পথ পৰিবহণ মন্ত্ৰণালয়ে মুকলি কৰিছে এটা এপ। যিটো এপৰ জৰিয়তে মোবাইলতে উপলদ্ধ হ'ব আপোনাৰ লাইচেঞ্চ আৰু আৰ চি।

এম পৰিবহণ বা ডিজিল'কাৰ নামৰ এই এপটোৰ যোগেদি আপুনি নিজৰ লাইচেঞ্চ বা আৰ চি ট্ৰেফিক আৰক্ষীক দেখুৱাব পাৰিব।

এই সৰ্ম্পকত ইতিমধ্যেই পথ পৰিবহন মন্ত্ৰণালয়ে ৰাজ্য সমূহৰ পৰিবহণ বিভাগ আৰু ট্ৰেফিক আৰক্ষীলৈ এই নিৰ্দেশ প্ৰেৰণ কৰিছে।

এই ডিজিল'কাৰ বা এম পৰিবহণ এপটো প্ৰথমে আপুনি মোবাইলত ডাইনলড কৰি আধাৰ নম্বৰৰ জৰিয়তে ড্ৰাইভিং লাইচেন্স আৰু আৰ চিৰ বিষয়সমূহ তাত সংযোগ কৰিব লাগিব।

ইয়াৰ পিছতে এটা পিন ক'ডৰ জৰিয়তে আপোনাৰ ফোনত উপলদ্ধ হ'ব ডিজিটেল লাইচেঞ্চ আৰু আৰ চি।